জি পি সিঙৰ জাল, EDৰ একচন: ৫৩ কোটিৰ সম্পত্তিসহ ধৰাশায়ী প্ৰাক্তন DIG প্ৰশান্ত কুমাৰ দত্ত
উপ-পৰিদৰ্শক (SI) নিযুক্তি কেলেংকাৰী আৰু আয়-বহিৰ্ভূত সম্পত্তিৰ গোচৰত অৱশেষত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট (ED)-ৰ বৃহৎ পদক্ষেপ। অসম আৰক্ষীৰ প্ৰাক্তন উপ-মহাপৰিদৰ্শক (DIG) প্ৰশান্ত কুমাৰ দত্ত, তেওঁৰ পৰিয়াল আৰু সহযোগীৰ প্ৰায় ৫৩.২৮ কোটি টকা মূল্যৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি প্ৰিভেনচন অৱ মানি লণ্ডাৰিং আইন (PMLA)-ৰ অধীনত সাময়িকভাৱে জব্দ কৰিছে ইডিয়ে।