ডিজিটেল ডেস্ক, ২২ জুন: (Assam flood news 2026)
অসমৰ উত্তৰাঞ্চলৰ ধেমাজী আৰু লখিমপুৰ জিলাত পুনৰ বাৰ্ষিক বানপানীয়ে জটিল ৰূপ ধাৰণ কৰিছে ৷ অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলতে সাধাৰণতে এই অঞ্চলসমূহত বানৰ সৃষ্টি হয়। উজনি অসমৰ ধেমাজী আৰু লক্ষীমপুৰ জিলাত বান পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে। পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিগত কেইবাদিনো ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ বাবেই নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাই এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।
### ঢকুৱাখনাত ৰাজ্যিক ঘাইপথ প্লাৱিত (Dhakuakhana state highway submerged):
লক্ষীমপুৰ জিলাৰ ঢকুৱাখনাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। শ শ গাঁও জলমগ্ন হোৱাৰ পিছত এইবাৰ বানপানীৰ বাবে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। ঢকুৱাখনাৰ চামপাৰাত জিয়াঢল নদীৰ পানী ওফন্দি ৰাজ্যিক ঘাইপথ (State Highway-22)ৰ ওপৰেৰে বাগৰিছে। পথটোৰ ওপৰেদি পানী বাগৰাৰ বাবে ঘিলামৰা-গোগামুখ সংযোগী পথত যান-বাহন চলাচল ব্যাহত হৈ পৰিছে। একাংশ পথৰ ওপৰত একৰ পৰা দুই ফুট পৰ্যন্ত পানী হোৱাৰ বাবে যান-বাহন চলাচল সংকটজনক হৈ পৰিছে।
স্থানীয় বিধায়ক নৱ কুমাৰ দ’লেই ইতিমধ্যে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে।
### জোনাইত হাহাকাৰ: বুৰিল হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি ( Jonai flood: Thousands of hectares of agricultural land flooded in Jonai)
ইফালে ধেমাজী জিলাৰ জোনাই মহকুমাতো বানৰ পৰিস্থিতি অত্যন্ত সংকটজনক হৈ পৰিছে।
অৰুণাচলৰ পাহাৰীয়া অঞ্চলৰ পৰা নামি অহা পানীয়ে জোনাইৰ বিস্তীৰ্ণ কৃষিভূমিত প্ৰলয়ৰ সৃষ্টি কৰিছে। সৰহভাগ খেতিপথাৰ পানীত বুৰ যোৱাৰ ফলত পথাৰৰ খেতি নষ্ট হোৱাৰ কথা প্ৰকাশ কৰিছে স্থানীয় কৃষকসকলে। জিয়াঢল, কুমটীয়াকে ধৰি অন্যান্য উপনৈসমূহৰ জলস্তৰ বিপদসীমাৰ ওচৰেদি বৈ আছে। মূৰৰ ঘাম মাটিত পেলাই কৃষকে কৰা শালি ধানৰ কঠীয়া আৰু অন্যান্য শস্য এতিয়া পানীৰ তলত। ইয়াৰ ফলত অঞ্চলটোৰ হাজাৰ হাজাৰ কৃষক পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পশুধনৰ বাবেও খাদ্য আৰু আশ্ৰয়ৰ তীব্ৰ সংকট দেখা দিছে।
### প্ৰশাসনৰ তৎপৰতা :
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজী আৰু লক্ষীমপুৰ জিলা প্ৰশাসন সষ্টম হৈ পৰিছে। ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ আৰু ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী যোগান ধৰিবলৈ SDRF আৰু স্থানীয় প্ৰশাসনৰ দল মোতায়েন কৰা হৈছে। বৰষুণৰ পৰিমাণ নকমিলে অনাগত সময়ত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে।