লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
ভাৰতৰ একাদশতম ৰাষ্ট্ৰপতি, মহীয়সী বিজ্ঞানী, 'মিছাইল মেন' তথা জনসাধাৰণৰ প্ৰিয় ড° এ. পি. জে. আব্দুল কালাম ডাঙৰীয়াৰ আজি জন্ম দিন
"যিসকলে সপোন দেখাৰ সাহস কৰে, তেওঁলোকেই ইতিহাস ৰচনা কৰে। এগৰাকী সাধাৰণ নাৱৰীয়াৰ পুত্ৰ, যিয়ে পিছলৈ দেশৰ আকাশক দিলে এক নতুন শক্তি, আৰু দেশবাসীক দিলে সপোন দেখিবলৈ নতুন দৃষ্টিভংগী। তেওঁ আন কোনো নহয়— আমাৰ সকলোৰে শ্ৰদ্ধাৰ, ভাৰতৰ 'মিছাইল মেন' তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ. পি. জে. আব্দুল কালাম।"

অভাৱে কেতিয়াও সপোনক বাধা দিব নোৱাৰে। "১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰিছিল কালাম ডাঙৰীয়াই। শৈশৱত ঘৰৰ আৰ্থিক অৱস্থা স্বচ্ছল নাছিল। পঢ়া-শুনাৰ খৰচ চলাবলৈ তেওঁ সৰুতেই বাতৰি কাকত বিক্ৰী কৰিবলগীয়া হৈছিল। কিন্তু অভাৱে কেতিয়াও তেওঁৰ সপোনৰ উৰাণত বাধা দিব পৰা নাছিল।"
ভাৰতক প্ৰতিৰক্ষাৰ দিশত শক্তিশালী ৰাষ্ট্ৰৰ শাৰীত ৰাখিলে কালাম ডাঙৰীয়াই। ইছৰো (ISRO) আৰু ডি আৰ ডি অ' (DRDO)-ত এগৰাকী বিজ্ঞানী হিচাপে কালাম ডাঙৰীয়াই ভাৰতক মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডত বিশ্বৰ শিখৰলৈ লৈ গৈছিল। 'ৰোহিণী' উপগ্ৰহ, 'অগ্নি' আৰু 'পৃথিৱী' মিছাইলৰ সফলতাৰে তেওঁ ভাৰতক কৰি তুলিছিল এক শক্তিশালী ৰাষ্ট্ৰ। ১৯৯৮ চনৰ 'পোখৰাণ-২' পাৰমাণৱিক পৰীক্ষাৰ আঁৰৰ ঘাই চালিকাশক্তি আছিল কালাম ডাঙৰীয়া ।
দেশৰ একাদশতম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল কালাম ডাঙৰীয়াই। ২০০২ চনত তেওঁ ভাৰতৰ একাদশতম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল । ৰাষ্ট্ৰপতি ভৱনৰ আড়ম্বৰতাৰ মাজতো তেওঁ আছিল অত্যন্ত সহজ সৰল এজন ব্যক্তি । সেয়েহে তেওঁক সকলোৱে আখ্যা দিছিল— 'People's President' বা 'জনসাধাৰণৰ ৰাষ্ট্ৰপতি' বুলি। ৰাষ্ট্ৰপতি ভৱনৰ দুৱাৰ তেওঁ সদায় দেশৰ শিশু আৰু যুৱপ্ৰজন্মৰ বাবে মুকলি কৰি ৰাখিছিল।" ইয়াৰ উপৰিও
অহংকাৰে স্পৰ্শ কৰিব নোৱাৰা মহান ব্যক্তি গৰাকী হ'ল কালাম ডাঙৰীয়া। ৰাষ্ট্ৰপতি বা বিজ্ঞানী হোৱাৰ উৰ্ধতো কালাম ডাঙৰীয়া আছিল এজন অনন্য, প্ৰকৃত মানুহ। অহংকাৰে স্পৰ্শ কৰিব নোৱাৰা এইগৰাকী মহান ব্যক্তিৰ সম্পত্তি বুলি ক'বলৈ আছিল মাত্ৰ কেইখনমান বস্ত্ৰ, কেইবা হাজাৰো কিতাপ আৰু এখন বীণা! বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ ৰাষ্ট্ৰপতি হৈয়ো তেওঁ শেষ মূহূৰ্তলৈকে আছিল এজন বিনম্ৰ ছাত্ৰ আৰু এক নিষ্ঠাবান শিক্ষক।"
সপোন সেয়া নহয় যিটো তুমি টোপনিত দেখা, সপোন সেয়াহে যিয়ে তোমাক শুব নিদিয়ে। "২০১৫ চনৰ ২৭ জুলাইত আই আই এম শিলঙত ছাত্ৰ-ছাত্ৰীক ভাষণ দি থকা অৱস্থাতে এইগৰাকী মহান পণ্ডিতে অন্তিম নিশ্বাস ত্যাগ কৰে। সঁচা অৰ্থত শিক্ষকতা কৰি থাকোঁতেই তেওঁ বিদায় ল'লে এই সংসাৰৰ পৰা।
কালাম ডাঙৰীয়া আজি আমাৰ মাজত নাই, কিন্তু তেওঁ দি যোৱা মূল্যবোধ, অমৰ চিন্তা আৰু প্ৰেৰণাদায়ক বাণীসমূহে সদায় প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত তেওঁক জীৱন্ত কৰি ৰাখিব।
এজন মিছাইল মেন, এজন সফল ৰাষ্ট্ৰপতি, আৰু সৰ্বোপৰি এজন প্ৰকৃত সোণৰ মানুহ— ড° এ. পি. জে. আব্দুল কালাম ডাঙৰীয়ালৈ আমি প্ৰাইম অসমে জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।
লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
ভোটাধিকাৰ সুৰক্ষা আৰু নিৰ্বাচন আয়োগৰ স্বচ্ছতাৰ দাবীত 'নাগৰিক উদ্যোগ'ৰ সংবাদ মেল: SIR বাতিল আৰু মুখ্য নিৰ্বাচনী আয়ুক্তৰ জবাবদিহিতাৰ আহ্বান
অসম ভূমি ৰাজহ আইন ২০২৬ৰ নতুন সংজ্ঞাক লৈ প্ৰব্ৰজন বিৰোধী মঞ্চৰ তীব্ৰ বিৰোধিতা , প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ বিশেষ পত্ৰ প্ৰেৰণ প্ৰব্ৰজন বিৰোধী মঞ্চৰ