লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
টুৰুকপাৰাত ‘মিছন চেনেহজৰী’ৰ অধীনত মুগা পলুৰ খাদ্যবৃক্ষ ৰোপণ কাৰ্যসূচী মুকলি মন্ত্ৰী বিশ্বজিত দৈমাৰীৰ
হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প ইত্যাদি বিভাগৰ মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি কামৰূপৰ বকোস্থিত টুৰুকপাৰা মুগা নাৰ্চাৰী ফাৰ্মত 'মিছন চেনেহজৰী'ৰ অধীনত আয়োজিত মুগাৰ খাদ্যবৃক্ষ ৰোপণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত বোকো-ছয়গাঁও সমষ্টিৰ বিধায়ক শ্ৰী ৰাজু মেছ, হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ জ্যেষ্ঠতম সচিব শ্ৰী অইনাম চৰণ কুমাৰ সিং (IAS), সচিব শ্ৰীমতী বিজয়লক্ষ্মী বৰুৱা, যুটীয়া সচিব ড° চৈয়দ তাহিৰুল ৰহমান, ৰেচম বিভাগৰ সঞ্চালক শ্ৰীমতী লক্ষ্মী দত্ত, বকো-ছয়গাঁৱৰ সমজিলা আয়ুক্ত শ্ৰী প্ৰিয়াংশু ভৰদ্বাজকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
মুগা পলুৰ মুখ্য আহাৰ ‘চুম’ গছৰ উৎপাদন বৃদ্ধি আৰু ফাৰ্মখনৰ মুগা ৰেচম উৎপাদন ক্ষমতা শক্তিশালী কৰাৰ উদ্দেশ্যে এই ৰোপণ অভিযানৰ আয়োজন কৰা হয়। এই অভিযানৰ অংশস্বৰূপে ফাৰ্মখনত ৬৩ জোপা নতুন চুম গছৰ পুলি ৰোপণ কৰা হয়।১৯৭৯ চনত স্থাপিত ৪ হেক্টৰ কালিৰে পৰিবেষ্টিত টুৰুকপাৰা মুগা নাৰ্চাৰী ফাৰ্মখনত বৰ্তমান প্ৰায় ৯৫০ জোপা চুম গছ আছে। আজিৰ এই পদক্ষেপে ফাৰ্মখনৰ সম্পদ বৃদ্ধি কৰাৰ লগতে স্থানীয় মুগা ৰেচম উদ্যোগটোক অধিক শক্তি প্ৰদান কৰিব।

এই উদ্যোগৰ পৰা ফাৰ্মখনৰ সৈতে জৰিত নূন্যতম ১০ গৰাকী মুগা পালক পোনপটীয়াকৈ উপকৃত হ'ব বুলি আশা কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে তৃণমূল পৰ্যায়ৰ ৰেচম উদ্যোগটোক শক্তিশালী কৰা আৰু স্থানীয়ভাৱে উপযোগী পদক্ষেপৰ জৰিয়তে মুগা পালকসকলক সহায় কৰাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। মুগা পলু পুহিবলৈ পৰ্যাপ্ত খাদ্য নিশ্চিত কৰিবলৈ আৰু মুগা পালকসকলৰ উৎপাদনশীলতা তথা জীৱিকাৰ সুযোগ বৃদ্ধি কৰিবলৈ চুম গছৰ ৰোপণ প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ দোহাৰে। অনুষ্ঠানত তেওঁ কেইগৰাকীমান স্থানীয় কৃষকৰ সৈতেও মত বিনিময় কৰে।
‘মিছন চেনেহজৰী’ৰ অধীনত গ্ৰহণ কৰা এই ৰোপণ অভিযানে চুম গছৰ উপলব্ধতা বৃদ্ধি কৰা, মুগা পালকসকলৰ জীৱিকাত সহায় কৰা আৰু অসমৰ বিশ্ববিখ্যাত মুগা ৰেচমৰ উৎপাদন অধিক শক্তিশালী কৰাত বিশেষ অৰিহণা যোগাব বুলি আশা কৰা হৈছে।
লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
ভোটাধিকাৰ সুৰক্ষা আৰু নিৰ্বাচন আয়োগৰ স্বচ্ছতাৰ দাবীত 'নাগৰিক উদ্যোগ'ৰ সংবাদ মেল: SIR বাতিল আৰু মুখ্য নিৰ্বাচনী আয়ুক্তৰ জবাবদিহিতাৰ আহ্বান
অসম ভূমি ৰাজহ আইন ২০২৬ৰ নতুন সংজ্ঞাক লৈ প্ৰব্ৰজন বিৰোধী মঞ্চৰ তীব্ৰ বিৰোধিতা , প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ বিশেষ পত্ৰ প্ৰেৰণ প্ৰব্ৰজন বিৰোধী মঞ্চৰ