নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?
নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?কিয় মানুহে তাৰ পূজা আৰম্ভ কৰিছে? তাৰো আছে এক ইতিহাস।
অসমৰ ক্ৰীড়া জগতত ঐতিহাসিক ক্ষণ: মুকলি হ’ল ফ্ৰেঞ্চাইজিভিত্তিক ‘অসম প্ৰিমিয়াৰ লীগ’ (T-20 Cricket APL)
ডিজিটেল ডেস্ক, ২২ জুন, গুৱাহাটী: অসমৰ ক্ৰিকেট ইতিহাসত সংযোজিত হ’ল এক নতুন সোনালী অধ্যায়। অসম ক্ৰিকেট সন্থা (ACA)ৰ উদ্যোগত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে বহু প্ৰত্যাশিত ফ্ৰেঞ্চাইজিভিত্তিক টি-২০ ক্ৰিকেট (T-20 Cricket) প্ৰতিযোগিতা "অসম প্ৰিমিয়াৰ লীগ" (APL)।
গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ACA ষ্টেডিয়ামৰ ‘91 য়াৰ্ডছ ক্লাব প্ৰেক্ষাগৃহ’ত আয়োজিত এক ভব্য অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ঐতিহাসিক লীগৰ ল’গ’ আৰু ট্ৰফী আনুষ্ঠানিকভাৱে মুকলি কৰে।
অসমৰ বিভিন্ন প্ৰান্তক প্ৰতিনিধিত্ব কৰি এই টুৰ্নামেণ্টত মুঠ ৮টা ফ্ৰেঞ্চাইজি দলে খিতাপৰ বাবে যুঁজ দিব। দলসমূহ হৈছে:
* গুৱাহাটী ৰয়েলছ (Guwahati Royals)
* যোৰহাট ষ্টেলিয়নছ (Jorhat Stallions)
* তেজপুৰ টাইটানছ (Tezpur Titans)
* ডিব্ৰুগড় ৱাৰিয়ৰ্ছ (Dibrugarh Warriors)
* নগাঁও ৰেঞ্জাৰ (Nagaon Rangers)
* বৰপেটা ব্ৰেভছ (Barpeta Braves)
* চৰাইদেউ ছানৰাইজাৰ্ছ (Charaideo Sunrisers)
* বৰাক লিজেণ্ডছ (Barak Legends)
### বৰ্ষাপাৰাত বহিব ক্ৰিকেট তাৰকাৰ মেলা, ৪ হাজাৰ খেলুৱৈৰ পঞ্জীয়ন :
প্ৰতিযোগিতাৰ আটাইকেইখন মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। লীগ পৰ্যায়ৰ পৰা ফাইনেললৈকে ইয়াত মুঠ ৩৩ খন খেল অনুষ্ঠিত হ’ব। ১ আগষ্টৰ পৰা আৰম্ভ হ’ব Assam Premier League (APL) .উল্লেখযোগ্য যে, এই লীগত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ প্ৰায় ৪ হাজাৰ উদীয়মান খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল ৷ জুলাই মাহত খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন হ’ব ৷
### APL দেশজুৰি লাইভ ষ্ট্ৰীমিং (Live Streaming):
ষ্টাৰ স্পোর্টছ (Star Sports) আৰু জিঅ’ হট্ষ্টাৰত (Jio hotstar) :
কেৱল অসমতে নহয়, সমগ্ৰ দেশবাসীয়ে উপভোগ কৰিব পাৰিব এ পি এলৰ ৰোমাঞ্চ। ক্ৰিকেটপ্ৰেমীসকলৰ বাবে সুখবৰ যে, এ পি এলৰ আটাইকেইখন মেচ টিভিৰ জৰিয়তে ষ্টাৰ স্প’ৰ্টছ (Star Sports) চেনেলত পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰিও ডিজিটেল প্লেটফৰ্ম জিয়’ হটষ্টাৰ (JioHotstar)-ত খেলসমূহ লাইভ ষ্ট্ৰীমিং কৰা হ'ব।
APL ৰ লক্ষ্য আৰু উদ্দেশ্য :-
>> এই লীগৰ মূল উদ্দেশ্য হৈছে অসমৰ থলুৱা তথা স্থানীয় ক্ৰিকেট প্ৰতিভাসকলক এক পেছাদাৰী মঞ্চ প্ৰদান কৰা। ইয়াৰ জৰিয়তে ভৱিষ্যতে ভাৰতীয় ক্ৰিকেট দল (Team India) আৰু আই পি এল (IPL)-ৰ বাবে ৰাজ্যৰ পৰা মানসম্পন্ন খেলুৱৈ প্ৰস্তুত কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-ৰ সহযোগিতাত এই লীগে ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনিক আৰু অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰিছে ক্ৰীড়ানুৰাগীসকলে।
নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?কিয় মানুহে তাৰ পূজা আৰম্ভ কৰিছে? তাৰো আছে এক ইতিহাস।
ভূটান আৰু উত্তৰ-পূবৰ মূৰৰ ওপৰত ওলমিছে ভয়ংকৰ বিপদ: নিমিষতে নিশেষ হ’ব পাৰে সমগ্ৰ জনজীৱন!
প্রকৃতিৰ ৰুদ্ৰৰূপ! নেপালত ভয়াৱহ জলপ্ৰলয়, তছনছ জনজীৱন!