Breaking News: New scheme launched! Dashboard updated! Performance report available! Thank you for your support!
  • Thu, Jul 2026

ভেনিজুৱেলাত ভয়ঙ্কৰ ভূমিকম্প : Earthquake in Venezuela

ভেনিজুৱেলাত ভয়ঙ্কৰ ভূমিকম্প : Earthquake in Venezuela

ৰিখটাৰ স্কেলত ক্ৰমে ৭.১ আৰু ৭.৫ মাত্ৰাৰ দুটা তীব্ৰ ভূকম্পনৰ ফলত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছসহ দেশখনৰ কেইবাখনো চহৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ মাত্ৰ ৪০ চেকেণ্ডৰ ব্যৱধানত অহা এই দুটা ধ্বংসাত্মক ভূমিকম্পৰ বাবে ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি দেলচি ৰদ্ৰিগুৱেজে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ #VenezuelaEarthquake

লেটিন আমেৰিকাৰ দেশ ভেনিজুৱেলাত ভয়ঙ্কৰ ভূমিকম্প ৷  ৰিখটাৰ স্কেলত ক্ৰমে ৭.১ আৰু ৭.৫ মাত্ৰাৰ দুটা তীব্ৰ ভূকম্পনৰ ফলত ৰাজধানী কাৰাকাছসহ দেশখনৰ কেইবাখনো চহৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ মাত্ৰ ৪০ চেকেণ্ডৰ ব্যৱধানত অহা এই দুটা ধ্বংসাত্মক ভূমিকম্পৰ বাবে ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি দেলচি ৰদ্ৰিগুৱেজে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ 
     ভূমিকম্পৰ মূল কেন্দ্ৰবিন্দু কেৰিবিয়ান উপকূলৰ মৰণ (Moron) নামৰ অঞ্চলটোৰ ওচৰত আছিল বুলি আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে প্ৰকাশ কৰিছে৷ 
      ৰাজধানী চহৰ কাৰাকাছৰ আলতামিৰা আৰু পালোচ গ্ৰাণ্ডেচ আদি অঞ্চলত বহুকেইটা বহুতলীয়া আৱাসিক আৰু বাণিজ্যিক ভৱন খহি পৰিছে৷ একাংশ অট্টালিকাৰ তলৰ মাটি বহি যোৱাৰ বাবে খহি পৰাৰ আশংকাত মানুহক ভিতৰলৈ যাবলৈ নিষেধ কৰা হৈছে৷  
ভূমিকম্পৰ কেন্দ্ৰবিন্দুৰ নিচেই ওচৰত থকা উপকূলীয় চহৰ মৰণত  আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হৈছে৷ 
        কাতিয়া-লা-মাৰ নামৰ আন এখন গুৰুত্বপূৰ্ণ উপকূলীয় চহৰতো কেইবাটাও গুৰুত্বপূৰ্ণ ভৱন আৰু ৰাস্তা-ঘাট ক্ষতিগ্ৰস্ত হৈছে৷
আন্তঃগাঁথনি ধ্বংস হোৱা চহৰসমূহৰ বিদ্যুৎ সৰবৰাহ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ৷ টেলিফোন আৰু ম'বাইল নেটৱৰ্ক বিকল হৈ পৰিছে আৰু বহু ঠাইত বিজুলী খুঁটা উভালি পৰিছে৷

       ধ্বংসস্তূপৰ তলত বহু লোক আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে আৰু সাহায্য কৰ্মীসকলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই আছে৷ ভূমিকম্পৰ পাছত আহিব পৰা জোকাৰণিৰ ভয়ত হাজাৰ হাজাৰ সন্ত্ৰস্ত লোকে নিজৰ ঘৰ-দুৱাৰ এৰি মুকলি আকাশৰ তলত আশ্ৰয় লৈছে৷

        আমেৰিকাসহ বিভিন্ন দেশে এই দুৰ্যোগৰ সময়ত ভেনিজুৱেলাৰ কাষত থিয় দিছে আৰু উদ্ধাৰ কাৰ্যত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে৷

       প্ৰথম অৱস্থাত ওচৰৰ দ্বীপপুঞ্জসমূহৰ বাবে চুনামিৰ সতৰ্কতা জাৰি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত কোনো ডাঙৰ বিপদ নথকাৰ বাবে তাক প্ৰত্যাহাৰ কৰা হয়৷