3) ‘অসম প্ৰিমিয়াৰ লীগ’ (T-20 Cricket APL) : অসমৰ ক্ৰিকেট ইতিহাসত সংযোজিত হ’ল এক নতুন সোনালী অধ্যায়। অসম ক্ৰিকেট সন্থা (ACA)ৰ উদ্যোগত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে বহু প্ৰত্যাশিত ফ্ৰেঞ্চাইজিভিত্তিক টি-২০ ক্ৰিকেট (T-20 Cricket) প্ৰতিযোগিতা "অসম প্ৰিমিয়াৰ লীগ" (APL) ৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ACA ষ্টেডিয়ামৰ ‘91 য়াৰ্ডছ ক্লাব প্ৰেক্ষাগৃহ’ত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২১ জুনৰ দিনা এই ঐতিহাসিক লীগৰ ল’গ’ আৰু ট্ৰফী আনুষ্ঠানিকভাৱে মুকলি কৰে। অসমৰ বিভিন্ন প্ৰান্তক প্ৰতিনিধিত্ব কৰি এই টুৰ্নামেণ্টত মুঠ ৮টা ফ্ৰেঞ্চাইজি দলে খিতাপৰ বাবে যুঁজ দিব। দলসমূহ হৈছে:
* গুৱাহাটী ৰয়েলছ (Guwahati Royals) * যোৰহাট ষ্টেলিয়নছ (Jorhat Stallions) * তেজপুৰ টাইটানছ (Tezpur Titans) * ডিব্ৰুগড় ৱাৰিয়ৰ্ছ (Dibrugarh Warriors) * নগাঁও ৰেঞ্জাৰ (Nagaon Rangers) * বৰপেটা ব্ৰেভছ (Barpeta Braves) * চৰাইদেউ ছানৰাইজাৰ্ছ (Charaideo Sunrisers) * বৰাক লিজেণ্ডছ (Barak Legends) প্ৰতিযোগিতাৰ আটাইকেইখন মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। লীগ পৰ্যায়ৰ পৰা ফাইনেললৈকে মুঠ ৩৩ খন খেল অনুষ্ঠিত হ’ব। ১ আগষ্টৰ পৰা আৰম্ভ হ’ব Assam Premier League (APL) . উল্লেখযোগ্য যে, এই লীগত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ প্ৰায় ৪ হাজাৰ উদীয়মান খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল ৷ জুলাই মাহত খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন হ’ব ৷ ষ্টাৰ স্পোর্টছ (Star Sports) আৰু জিঅ’ হট্ষ্টাৰত (Jio hotstar) দেখিবলৈ পোৱা যাব এই প্ৰতিযোগিতাৰ খেলসমূহ ৷ কেৱল অসমতে নহয়, সমগ্ৰ দেশবাসীয়ে উপভোগ কৰিব পাৰিব এ পি এলৰ ৰোমাঞ্চ। ক্ৰিকেটপ্ৰেমীসকলৰ বাবে সুখবৰ যে, এ পি এলৰ আটাইকেইখন মেচ টিভিৰ জৰিয়তে **ষ্টাৰ স্প’ৰ্টছ (Star Sports)** চেনেলত পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰিও ডিজিটেল প্লেটফৰ্ম **জিয়’ হটষ্টাৰ (JioHotstar)**-ত খেলসমূহ লাইভ ষ্ট্ৰীমিং কৰা হ'ব। এই লীগৰ মূল উদ্দেশ্য হৈছে অসমৰ ক্ৰিকেটাৰ সকলক এক পেছাদাৰী মঞ্চ প্ৰদান কৰা। ইয়াৰ জৰিয়তে ভৱিষ্যতে ভাৰতীয় ক্ৰিকেট দল (Team India) আৰু আই পি এল (IPL)-ৰ বাবে ৰাজ্যৰ পৰা মানসম্পন্ন খেলুৱৈ প্ৰস্তুত কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-ৰ সহযোগিতাত এই লীগে ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনিক আৰু অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰিছে ক্ৰীড়ানুৰাগীসকলে।
4) ইউৰোপীয় সংঘই (EU) সুদীৰ্ঘ চাৰিটা দশকৰ অন্তত অসম ভ্ৰমণৰ ওপৰত থকা সকলো বাধা-নিষেধ আৰু সতৰ্কতামূলক নিৰ্দেশনা (Travel Advisory) সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰে ৷ অসমৰ পৰ্যটন আৰু অৰ্থনৈতিক খণ্ডৰ বাবে এক ঐতিহাসিক আৰু অত্যন্ত ধনাত্মক খবৰ। সুদীৰ্ঘ ৪০ বছৰ অৰ্থাৎ প্ৰায় চাৰিটা দশকৰ অন্তত ইউৰোপীয় সংঘৰ (EU) ২৭ খন দেশে অসম ভ্ৰমণৰ ওপৰত জাৰী কৰি থকা সতৰ্কতামূলক নিৰ্দেশনা বা ট্ৰেভেল এডভাইজৰী (Travel Advisory) সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত আগন্তুক দিনবোৰত ৰাজ্যখনত বিদেশী পৰ্যটকৰ আগমন অভূতপূৰ্বভাৱে বৃদ্ধি পাব বুলি আশা কৰা হৈছে। বিগত সপ্তাহত এই গুৰুত্বপূৰ্ণ তথ্য ৰাজহুৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ অভূতপূৰ্ব উন্নতিৰ ফচল স্বৰূপে ইউৰোপীয় সংঘই এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বিগত দিনবোৰত থকা উগ্ৰপন্থী বা অন্যান্য নিৰাপত্তাহীনতাৰ ভাবুকি এতিয়া অসমত অতীত। EU-ৰ এই সিদ্ধান্তই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ এক সুৰক্ষিত আৰু শান্তিপূৰ্ণ ছবি দাঙি ধৰিব, যাৰ পোনপটীয়া লাভালাভ লাভ কৰিব ৰাজ্যৰ পৰ্যটন উদ্যোগে। আনহাতে, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সূচী সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয় যে, কাৰিকৰী বা কূটনৈতিক কাৰণত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী এইবাৰ অসমলৈ অহাটো সম্ভৱ হৈ নুঠিলেও, অসমক লৈ জাপানৰ আগ্ৰহ অলপো হ্ৰাস পোৱা নাই। বৰঞ্চ জাপান চৰকাৰ আৰু উদ্যোগপতিসকল অসমত বৃহৎ পুঁজি বিনিয়োগৰ বাবে পূৰ্বতকৈ অধিক আগ্ৰহী। বিশেষকৈ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত জাপানী বিনিয়োগে অসমৰ অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
5) অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু চুবুৰীয়া পশ্চিম বংগত সন্ত্ৰাসবাদৰ জাল সম্প্ৰসাৰণৰ এক ভয়াৱহ তথা চাঞ্চল্যকৰ ব্লুপ্ৰিণ্ট ফাদিল কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ই। বাংলাদেশৰ কুখ্যাত তথা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন 'জামাত-উল-মুজাহিদীন বাংলাদেশ' (JMB)ৰ এক নতুন শাখা ‘ইমাম মাহমুদৰ কাফিলা’ (IMK)ৰ এক বৃহৎ ষড়যন্ত্ৰ ওফৰাই দি সংস্থাই ২৬ জুনৰ দিনা ১১ জন অভিযুক্তৰ বিৰুদ্ধে গুৱাহাটীস্থিত বিশেষ এনআইএ আদালতত অভিযোগনামা (Chargesheet) দাখিল কৰিছে। ভাৰতীয় ন্যায় সংহিতা (BNS) আৰু সন্ত্ৰাসবাদ বিৰোধী আইন UA(P) Act ৰ কেইবাটাও গুৰুতৰ ধাৰাৰ অধীনত এই অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ তৰা হৈছে ৷ এনআইএ-ৰ তদন্তত প্ৰকাশ পাইছে যে ভাৰতৰ মাটিত, বিশেষকৈ অসম, ত্ৰিপুৰা আৰু পশ্চিম বংগত জেএমবিৰ উগ্ৰপন্থী মতাদৰ্শ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে সংগঠনটোৰ জ্যেষ্ঠ নেতা ইমাম মাহমুদ হাবিবুল্লাহে গোপনে ‘ইমাম মাহমুদৰ কাফিলা’ (IMK) নামৰ এই নতুন আত্মঘাতী গোটটো গঠন কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল:
Ruling and Opposition parties are already gearing up for the upcoming Nagaon Lok Sabha by-elections. The Congress is ready to defend its fort. নগাঁৱৰ ৰাজনৈতিক আকাশ এতিয়া উত্তপ্ত ৷ সমাগত নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধী দুয়ো পক্ষই এতিয়াৰে পৰা কঁকালত টঙালি বান্ধিছে। বিশেষকৈ নগাওঁ আসনখন পুনৰ উদ্ধাৰ কৰিবলৈ গেৰুৱা শিবিৰে ব্যাপক প্ৰস্তুতি চলোৱাৰ বিপৰীতে নিজৰ গড় ৰক্ষা কৰিবলৈ