জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনক লৈ উদ্বিগ্ন কেন্দ্ৰ: গৃহ মন্ত্ৰালয়ৰ উচ্চস্তৰীয় সমিতি গঠন
দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘটি থকা দ্ৰুত জনগাঁথনিৰ পৰিৱৰ্তনক লৈ অৱশেষত চৰম উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই স্পৰ্শকাতৰ তথা ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত বিষয়টোক গুৰুত্বসহকাৰে লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছে।