Breaking News: New scheme launched! Dashboard updated! Performance report available! Thank you for your support!
  • Thu, Jul 2026

সাপ্তাহিক বাতৰি পৰিক্ৰমা : Weekly news magazine

সাপ্তাহিক বাতৰি পৰিক্ৰমা : Weekly news magazine

বিগত সপ্তাহৰ (২১ জুনৰ পৰা ২৭ জুনলৈ) উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ কিছুমান বাতৰি ৷ https://www.facebook.com/share/v/18gWeHjXgz/

 

সাপ্তাহিক বাতৰি পৰিক্ৰমা ---------->>

1)               গুৱাহাটীৰ নীলাচল পাহাৰৰ শক্তিপীঠ কামাখ্যা ধামত বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হয়। ধৰ্মীয় বিশ্বাস আৰু আধ্যাত্মিক পৰম্পৰাৰে পৰিপূৰ্ণ এই মেলাত দেশ-বিদেশৰ পৰা অহা প্ৰায় ৮ লাখ ভক্তৰ সমাগম ঘটে। মেলাৰ পটভূমি আৰু হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি, অম্বুবাচী হৈছে মা কামাখ্যা দেৱীৰ বাৰ্ষিক ঋতুচক্র বা ৰজস্বলা হোৱা সময়। বিশ্বাস কৰা হয় যে এই সময়ছোৱাত পৃথিৱী বা প্ৰকৃতিও সৃষ্টিৰ বাবে প্ৰস্তুত হয়। এই পবিত্ৰ মহাযোগৰ বাবে তিনিদিন ধৰি মন্দিৰৰ মূল দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ ৰখা হয়। চতুৰ্থ দিনা ধৰ্মীয় ৰীতি-নীতি আৰু স্নান-শুদ্ধিৰ অন্তত মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি কৰা হয়।  ২২ জুনৰ পৰা অম্বুবাচী মহাযোগ আৰম্ভ হয়। তিনিদিন নীলাচল পাহাৰত নাম-কীৰ্তন, পূজা-অৰ্চনা চলোৱাৰ পিছত ২৬ জুনৰ পুৱা মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। দুৱাৰ খোলাৰ পাছত ভক্তসকলক পবিত্ৰ ‘ৰক্ত বস্ত্ৰ’ প্ৰসাদ হিচাপে প্ৰদান কৰা হয়।ভক্তসকলৰ সুবিধাৰ্থে অসম চৰকাৰ আৰু কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে যৌথভাৱে ইয়াৰ ব্যাপক প্ৰস্তুতি চলাইছিল। ইয়াৰ বাবে ২৪ টা বিভাগৰ অধীনত প্ৰায় ৪.৫৫ কোটি টকা আৱণ্টন দিয়া হৈছিল। স্বাস্থ্য সেৱা, সুৰক্ষা, আৱাস আৰু বিশুদ্ধ খোৱাপানীৰ সু-ব্যৱস্থা কৰাৰ লগতে গুৱাহাটী আৰক্ষীয়ে যান-বাহন নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু-সন্ন্যাসী আৰু লাখ লাখ ভক্তৰ সমাগমে এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে । অৱশ্যে, বৃহৎ জনসমাগমৰ বাবে বহু ভক্তৰ পাহাৰত খোজকাঢ়ি উঠাত অসুবিধা হোৱা দেখা যায় ৷ বিভিন্ন ঠাইত পৰিষ্কাৰ পৰিছন্নতাৰ অভাৱও পৰিলক্ষিত হয় ৷ তীৰ্থযাত্ৰীসকলে প্ৰশাসনক সা-সুবিধা তথা অনাময় ব্যৱস্থা অধিক উন্নত কৰিবলৈ আহ্বান জনায়।সামগ্ৰিকভাৱে, এই বৰ্ষৰ অম্বুবাচী মেলাই ভক্তপ্ৰাণ ৰাইজৰ আধ্যাত্মিক বিশ্বাস অটুত ৰাখি এক শান্তিপূৰ্ণ আৰু ঐতিহাসিক মহোৎসৱ হিচাপে পৰিগণিত হয়।


 2)         যোৱা ২৪ জুনত অৰুণাচল প্ৰদেশত হোৱা ভয়াৱহ ডাৱৰ বিস্ফোৰণ(Cloudburst) আৰু প্ৰৱল বৃষ্টিপাতৰ ফলত নামনি অংশত থকা অসমৰ কেইবাখনো জিলাত তীব্ৰ বানৰ সৃষ্টি হয়। বিশেষকৈ অৰুণাচলৰ কেয়ী পান্যৰ (Keyi Panyor) জিলাৰ লিপকো আৰু পূছা (Poosa) অঞ্চলত থকা নিপকো (NEEPCO) জলবিদ্যুৎ প্ৰকল্প কলনীত এই ফ্লেছ ফ্লাড বা আকস্মিক বানে ব্যাপক ধ্বংসলীলা চলায়। পাহাৰৰ পৰা বৈ অহা  প্ৰচণ্ড পানীৰ ঢৌৰ বাবে নামনি অংশত থকা অসমৰ নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হৈ বিপদসীমা অতিক্ৰম কৰে ৷ যাৰ ফলত অসমত বান পৰিস্থিতি অত্যন্ত সংকটজনক হৈ পৰিছে।
    অৰুণাচলৰ কেয়ী পান্যৰ জিলাৰ য়াজালী (Yazali) বৃত্তৰ পূছা গাঁও আৰু নীপকো প্ৰকল্প এলেকা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। 
   এই দুৰ্যোগত নীপকো বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু ঘটিছে আৰু এটি শিশুসহ ৪ জন লোক সন্ধানহীন হৈ আছে।  পাহাৰীয়া খৰস্ৰোতা নৈৰ পানীয়ে নিপকো কলনীৰ প্ৰায় ২৪ টাৰো অধিক আৱাসিক গৃহ আৰু ৫০ টাৰো অধিক স্থানীয় ঘৰ উটুৱাই লৈ যায়। 
      অৰুণাচলৰ পাহাৰীয়া অঞ্চলত হোৱা এই ধাৰাসাৰ বৃষ্টিপাতৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ স্পিলৱে’ গেট খুলি অতিৰিক্ত পানী এৰি দিবলগীয়া হয়। লগে লগে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ অসমৰ নদীসমূহৰ ওপৰত পৰে ৷ ডিব্ৰুগড় আৰু যোৰহাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰে। কপিলী (কামপুৰ), পুঠিমাৰী (কামৰূপ), ধনশিৰি (নুুমলীগড়) আৰু দিক্ৰং আদিৰ নদীৰ পানীয়ে বিপদসীমা অতিক্ৰম কৰি নতুন নতুন অঞ্চল প্লাবিত কৰিছে। ইপিনে ধাৰাসাৰ বৰষুণৰ বাবে ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলা ইয়াৰ আগতেই প্লাবিত হয় । কেৱল ধেমাজি জিলাতে ২০,০০০ তকৈও অধিক লোক পানীৰ কৱলত পৰিছে। আনহাতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)ৰ তথ্য অনুসৰি, বজালী ধেমাজী আৰু লক্ষীমপুৰ জিলাৰ কেইবাটাও স্থানত মথাউৰি ছিঙি যোৱাৰ লগতে শ শ হেক্টৰ কৃষিভূমি আৰু বাট-পথ পানীৰ তলত বুৰ গৈছে। 
   মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই সকলো জিলা প্ৰশাসনক উচ্চ সতৰ্কতা (High Alert) অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে।
এনডিআৰএফ (NDRF) আৰু এছডিআৰএফ (SDRF) বাহিনীক যিকোনো জৰুৰী পৰিস্থিতিৰ মুখামুখি হ’বলৈ সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে। নদীৰ বুকুত সৰু নাও বা যন্ত্ৰচালিত নাও চলোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।


 3)  ‘অসম প্ৰিমিয়াৰ লীগ’ (T-20 Cricket APL) :           অসমৰ ক্ৰিকেট ইতিহাসত সংযোজিত হ’ল এক নতুন সোনালী অধ্যায়। অসম ক্ৰিকেট সন্থা (ACA)ৰ উদ্যোগত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে বহু প্ৰত্যাশিত ফ্ৰেঞ্চাইজিভিত্তিক টি-২০ ক্ৰিকেট (T-20 Cricket) প্ৰতিযোগিতা "অসম প্ৰিমিয়াৰ লীগ" (APL) ৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ACA ষ্টেডিয়ামৰ ‘91 য়াৰ্ডছ ক্লাব প্ৰেক্ষাগৃহ’ত আয়োজিত এটা  অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২১ জুনৰ দিনা এই ঐতিহাসিক লীগৰ ল’গ’ আৰু ট্ৰফী আনুষ্ঠানিকভাৱে মুকলি কৰে। অসমৰ বিভিন্ন প্ৰান্তক প্ৰতিনিধিত্ব কৰি এই টুৰ্নামেণ্টত মুঠ ৮টা ফ্ৰেঞ্চাইজি দলে খিতাপৰ বাবে যুঁজ দিব। দলসমূহ হৈছে:

* গুৱাহাটী ৰয়েলছ (Guwahati Royals)
* যোৰহাট ষ্টেলিয়নছ (Jorhat Stallions)
* তেজপুৰ টাইটানছ (Tezpur Titans)
* ডিব্ৰুগড় ৱাৰিয়ৰ্ছ (Dibrugarh Warriors)
* নগাঁও ৰেঞ্জাৰ (Nagaon Rangers)
* বৰপেটা ব্ৰেভছ (Barpeta Braves)
* চৰাইদেউ ছানৰাইজাৰ্ছ (Charaideo Sunrisers)
* বৰাক লিজেণ্ডছ (Barak Legends)
     প্ৰতিযোগিতাৰ আটাইকেইখন মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। লীগ পৰ্যায়ৰ পৰা ফাইনেললৈকে মুঠ ৩৩ খন খেল অনুষ্ঠিত হ’ব। ১ আগষ্টৰ পৰা আৰম্ভ হ’ব Assam Premier League (APL) . 
        উল্লেখযোগ্য যে, এই লীগত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ প্ৰায় ৪ হাজাৰ উদীয়মান খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল ৷ জুলাই মাহত খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন হ’ব ৷ ষ্টাৰ স্পোর্টছ (Star Sports) আৰু জিঅ’ হট্‌ষ্টাৰত (Jio hotstar) দেখিবলৈ পোৱা যাব এই প্ৰতিযোগিতাৰ খেলসমূহ ৷ কেৱল অসমতে নহয়, সমগ্ৰ দেশবাসীয়ে উপভোগ কৰিব পাৰিব এ পি এলৰ ৰোমাঞ্চ। ক্ৰিকেটপ্ৰেমীসকলৰ বাবে সুখবৰ যে, এ পি এলৰ আটাইকেইখন মেচ টিভিৰ জৰিয়তে **ষ্টাৰ স্প’ৰ্টছ (Star Sports)** চেনেলত পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰিও ডিজিটেল প্লেটফৰ্ম **জিয়’ হটষ্টাৰ (JioHotstar)**-ত খেলসমূহ লাইভ ষ্ট্ৰীমিং কৰা হ'ব। এই লীগৰ মূল উদ্দেশ্য হৈছে অসমৰ ক্ৰিকেটাৰ সকলক এক পেছাদাৰী মঞ্চ প্ৰদান কৰা। ইয়াৰ জৰিয়তে ভৱিষ্যতে ভাৰতীয় ক্ৰিকেট দল (Team India) আৰু আই পি এল (IPL)-ৰ বাবে ৰাজ্যৰ পৰা মানসম্পন্ন খেলুৱৈ প্ৰস্তুত কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-ৰ সহযোগিতাত এই লীগে ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনিক আৰু অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰিছে ক্ৰীড়ানুৰাগীসকলে।


4)        ইউৰোপীয় সংঘই (EU) সুদীৰ্ঘ চাৰিটা দশকৰ অন্তত অসম ভ্ৰমণৰ ওপৰত থকা সকলো বাধা-নিষেধ আৰু সতৰ্কতামূলক নিৰ্দেশনা (Travel Advisory) সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰে ৷   অসমৰ পৰ্যটন আৰু অৰ্থনৈতিক খণ্ডৰ বাবে এক ঐতিহাসিক আৰু অত্যন্ত ধনাত্মক খবৰ। সুদীৰ্ঘ ৪০ বছৰ অৰ্থাৎ প্ৰায় চাৰিটা দশকৰ অন্তত ইউৰোপীয় সংঘৰ (EU) ২৭ খন দেশে অসম ভ্ৰমণৰ ওপৰত জাৰী কৰি থকা সতৰ্কতামূলক নিৰ্দেশনা বা ট্ৰেভেল এডভাইজৰী (Travel Advisory) সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত আগন্তুক দিনবোৰত ৰাজ্যখনত বিদেশী পৰ্যটকৰ আগমন অভূতপূৰ্বভাৱে বৃদ্ধি পাব বুলি আশা কৰা হৈছে। বিগত সপ্তাহত এই গুৰুত্বপূৰ্ণ তথ্য ৰাজহুৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ অভূতপূৰ্ব উন্নতিৰ ফচল স্বৰূপে ইউৰোপীয় সংঘই এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বিগত দিনবোৰত থকা উগ্ৰপন্থী বা অন্যান্য নিৰাপত্তাহীনতাৰ ভাবুকি এতিয়া অসমত অতীত। EU-ৰ এই সিদ্ধান্তই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ এক সুৰক্ষিত আৰু শান্তিপূৰ্ণ ছবি দাঙি ধৰিব, যাৰ পোনপটীয়া লাভালাভ লাভ কৰিব ৰাজ্যৰ পৰ্যটন উদ্যোগে।
       আনহাতে, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সূচী সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয় যে, কাৰিকৰী বা কূটনৈতিক কাৰণত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী এইবাৰ অসমলৈ অহাটো সম্ভৱ হৈ নুঠিলেও, অসমক লৈ জাপানৰ আগ্ৰহ অলপো হ্ৰাস পোৱা নাই। বৰঞ্চ জাপান চৰকাৰ আৰু উদ্যোগপতিসকল অসমত বৃহৎ পুঁজি বিনিয়োগৰ বাবে পূৰ্বতকৈ অধিক আগ্ৰহী। বিশেষকৈ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত জাপানী বিনিয়োগে অসমৰ অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।


5)           অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু চুবুৰীয়া পশ্চিম বংগত সন্ত্ৰাসবাদৰ জাল সম্প্ৰসাৰণৰ এক ভয়াৱহ তথা চাঞ্চল্যকৰ ব্লুপ্ৰিণ্ট ফাদিল কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ই। বাংলাদেশৰ কুখ্যাত তথা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন 'জামাত-উল-মুজাহিদীন বাংলাদেশ' (JMB)ৰ এক নতুন শাখা ‘ইমাম মাহমুদৰ কাফিলা’ (IMK)ৰ এক বৃহৎ ষড়যন্ত্ৰ ওফৰাই দি সংস্থাই ২৬ জুনৰ দিনা ১১ জন অভিযুক্তৰ বিৰুদ্ধে গুৱাহাটীস্থিত বিশেষ এনআইএ আদালতত অভিযোগনামা (Chargesheet) দাখিল কৰিছে। ভাৰতীয় ন্যায় সংহিতা (BNS) আৰু সন্ত্ৰাসবাদ বিৰোধী আইন UA(P) Act ৰ কেইবাটাও গুৰুতৰ ধাৰাৰ অধীনত এই অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ তৰা হৈছে ৷ এনআইএ-ৰ তদন্তত প্ৰকাশ পাইছে যে ভাৰতৰ মাটিত, বিশেষকৈ অসম, ত্ৰিপুৰা আৰু পশ্চিম বংগত জেএমবিৰ উগ্ৰপন্থী মতাদৰ্শ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে সংগঠনটোৰ জ্যেষ্ঠ নেতা ইমাম মাহমুদ হাবিবুল্লাহে গোপনে ‘ইমাম মাহমুদৰ কাফিলা’ (IMK) নামৰ এই নতুন আত্মঘাতী গোটটো গঠন কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল:

* অঞ্চলটোৰ সহজ-সৰল যুৱক-যুৱতীসকলক ধৰ্মীয় উন্মাদনৰে আবেগিক(Radicalization) কৰি উগ্ৰপন্থাৰ পিনে ঠেলি দিয়া।
* ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে অসম আৰু ত্ৰিপুৰাত গোপন ঘাটি স্থাপন কৰা।
* সংগঠনটোৰ নেটৱৰ্ক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ সম্প্ৰসাৰণ কৰা।

        এই সমগ্ৰ নেটৱৰ্কটো পৰিচালনা কৰাৰ আঁৰত থকা দুজন মূল মাষ্টাৰমাইণ্ডক এনআইএ-ই ইতিমধ্যে চিনাক্ত কৰিছে। ইয়াৰে **নাছিমুদ্দিন** নামৰ অভিযুক্তজনে অসমত ‘ইমাম মাহমুদৰ কাফিলা’ৰ সমগ্ৰ কাম-কাজ আৰু কূটাঘাতমূলক পৰিকল্পনাৰ নেতৃত্ব দিছিল। আনহাতে, **জাগিৰ মিয়া** নামৰ আন এজন অভিযুক্তই ত্ৰিপুৰাত এই সন্ত্ৰাসবাদী সংগঠনটোৰ নেটৱৰ্ক চলাই আছিল ৷ চাৰ্জশ্বীটত উল্লেখ কৰা অনুসৰি, এই ১১ জন অভিযুক্তই দীৰ্ঘদিন ধৰি ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে বিভিন্ন গোপন বৈঠক, ধৰ্মীয় মৌলবাদী শিক্ষাৰ কাৰ্যসূচী আৰু উগ্ৰপন্থী সাহিত্য বিতৰণ কৰি আহিছিল। কেৱল এয়াই নহয়, যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ তেওঁলোকে বিভিন্ন ডিজিটেল প্লেটফৰ্ম আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক হাৰত দেশবিৰোধী অপপ্ৰচাৰ চলাই আছিল। তদন্তৰ সময়ত এনআইএ-ই অভিযুক্তসকলৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ আপত্তিজনক নথি-পত্ৰ, ইলেক্ট্ৰনিক সঁজুলি (ম’বাইল, হাৰ্ড ডিস্ক) আৰু বহু ডিজিটেল ৰেকৰ্ড জব্দ কৰিছে, যিবোৰে তেওঁলোকৰ এই ভয়াৱহ ষড়যন্ত্ৰৰ কথা স্পষ্টকৈ প্ৰমাণ কৰে।
এই ঘটনাই এতিয়া সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা সংস্থাসমূহৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।