G-7 সন্মিলনৰ মাজতে মোদী-ট্ৰাম্পৰ গুৰুত্বপূৰ্ণ বৈঠক:
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ ট্ৰাম্পে তেওঁক এগৰাকী 'Tough Negotiator' বুলি অভিহিত কৰে।
চলি আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি ৫ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি উপস্থিত বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু ছাহিদ শ্বান হক
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি ৫ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু ছাহিদ শ্বান হকক ফাষ্ট ট্ৰেক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে, ফাষ্ট ট্ৰেক আদালতে কালি মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস সহ ৪ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল।
কালি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। কালি প্ৰথম দিনটোতেই মৰিগাঁও জিলাৰ সেইসময়ৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু হোৱা সন্দৰ্ভত এজাহাৰ দাখিল কৰা অধিবক্তা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনে ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈ গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। কালি আদালতত অভিযুক্ত পক্ষৰ অধিবক্তাসকলেও ৪ গৰাকী সাক্ষীক জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত জেৰা কৰে।
ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে কালি ৪ অভিযুক্ত ক্ৰমে অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত পক্ষৰ অধিবক্তা আৰু অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰৰ ভাষ্য গ্ৰহণৰ পিছত কালি আদালতে ৪ অভিযুক্তক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে।
উল্লেখযোগ্য যে, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে হত্যাকে ধৰি ভাৰতীয় ন্যায় সংহিতাৰ কেবাটাও ধাৰা আৰোপ কৰিছিল। মনকৰিবলগীয়া যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ মুঠ সংখ্যা হৈছে ৩৯৪ জন।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ ট্ৰাম্পে তেওঁক এগৰাকী 'Tough Negotiator' বুলি অভিহিত কৰে।
অৱশেষত যুদ্ধখনৰ যৱনিকা পৰিব! ১০৮ দিনৰ সংঘাতৰ অন্ত ১৯ জুনত শান্তি চুক্তি ইৰাণ আমেৰিকাৰ
হৰমুজ প্ৰণালী অৱৰোধ অন্ত পৰিব নেকি ? যুদ্ধজৰ্জৰ বিশ্বলৈ শান্তি ঘূৰি আহিবনে ? দীৰ্ঘদিনীয়া উত্তেজনা আৰু যুদ্ধংদেহী পৰিৱেশৰ অন্ত পেলাই অৱশেষত এক ঐতিহাসিক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰাৰ দিশে আগবাঢ়িছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰান।