লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
ভাৰতীয় ৰেলৰ ইতিহাসত যোগ হ’ল এক নতুন সোণালী অধ্যায়। জাৰ্মানী, চীন, ফ্ৰান্স আৰু ইটালীৰ দৰে বিশ্বৰ উন্নত দেশসমূহৰ পাছত এতিয়া ভাৰতে নিজাকৈ প্ৰস্তুত কৰি উলিয়াইছে হাইড্ৰ’জেন শক্তিৰে চালিত প্ৰথমখন বিশেষ ট্ৰেইন।
প্ৰাইম অসম, বিশেষ প্ৰতিবেদন:
ভাৰতীয় ৰেলৰ ইতিহাসত যোগ হ’ল এক নতুন সোণালী অধ্যায়। জাৰ্মানী, চীন, ফ্ৰান্স আৰু ইটালীৰ দৰে বিশ্বৰ উন্নত দেশসমূহৰ পাছত এতিয়া ভাৰতে নিজাকৈ প্ৰস্তুত কৰি উলিয়াইছে হাইড্ৰ’জেন শক্তিৰে চালিত প্ৰথমখন বিশেষ ট্ৰেইন। উল্লেখযোগ্য যে, ২০১৮ চনৰ ১১ জুলাইত জাৰ্মানীয়ে প্ৰথমবাৰৰ বাবে পানীৰ পৰা হাইড্ৰ’জেন পৃথক কৰি ট্ৰেইন চলাই সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিছিল। এতিয়া ভাৰতেও সেই সফলতা অৰ্জন কৰি সেউজ পৰিবহণৰ দিশত এক ডাঙৰ খোজ পেলালে।
সাধাৰণভাৱে ক’বলৈ গ’লে এই ট্ৰেইনৰ মূল ইন্ধন হ’ল পানী। আমি সকলোৱে জানো যে পানীৰ প্ৰতিটো অণু দুটা হাইড্ৰ’জেন আৰু এটা অক্সিজেন পৰমাণুৰে গঠিত ।
হাইড্ৰ’জেন প্লেণ্টত বিদ্যুৎ ব্যৱহাৰ কৰি ইলেক্ট্ৰ’লাইছিছ (Electrolysis) প্ৰক্ৰিয়াৰে পানীৰ অণুক ভাঙি অক্সিজেন আৰু হাইড্ৰ’জেন পৃথক কৰা হয়।
ইয়াত পানীৰ পৰা যি হাইড্ৰ’জেন গেছ পোৱা যায়, তাকেই বিশেষ ফিউৱেল চেলত (Fuel Cell) ইন্ধন হিচাপে ব্যৱহাৰ কৰি বিদ্যুৎ উৎপন্ন কৰা হয় আৰু ট্ৰেইনখন চলোৱা হয়।
যাত্ৰী ধাৰণ ক্ষমতা: ট্ৰেইনখনত মুঠ ১০ টা ডবা থাকিব। ইয়াৰে ৮ টা ডবা যাত্ৰীৰ বাবে সংৰক্ষিত থাকিব, য’ত একেলগে প্ৰায় ২৬০০ জন যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব।
গতিবেগ: এই ট্ৰেইনখনৰ সৰ্বোচ্চ বেগ হ’ব ঘণ্টাত ৭৫ ৰ পৰা ১২০ কিলোমিটাৰ।
চলাচলৰ পথ: প্ৰথম পৰ্যায়ত এই বিশেষ ট্ৰেইনখন হাৰিয়ানাৰ জিন্দ (Jind) ৰ পৰা সোনিপতৰ (Sonipat) মাজত চলাচল কৰিব।
১/ শূন্য প্ৰদূষণ: খাৰুৱা তেল বা কয়লা পুৰিলে ধোঁৱা আৰু বিষাক্ত গেছ ওলায়, কিন্তু হাইড্ৰ’জেন ইন্ধন ব্যৱহাৰ কৰিলে উপজাত (Byproduct) হিচাপে কেৱল জলীয় ভাপ আৰু পানীহে নিৰ্গত হয়। ফলত প্ৰদূষণ একেবাৰে নহয়।
২/ পৰম্পৰাগত ইন্ধনৰ ৰক্ষা: পৃথিৱীৰ ভূ-গৰ্ভত থকা খাৰুৱা তেল আৰু খনিজ সম্পদ সীমিত। বৰ্তমানৰ ব্যৱহাৰৰ হাৰ দেখি অনুমান কৰা হৈছে যে অহা ৫০-৬০ বছৰৰ ভিতৰত এইসমূহ নিঃশেষ হৈ যাব। এনে অৱস্থাত হাইড্ৰ’জেনেই হ’ব ভৱিষ্যতৰ অক্ষয় ইন্ধন।
প্ৰদূষণমুক্ত আৰু পৰিৱেশৰ অনুকূল পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ দিশত ভাৰতৰ এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। সময়ৰ আহ্বানক স্বীকাৰ কৰি লোৱা এই বিশেষ প্ৰযুক্তিয়ে ভৱিষ্যতে আমাৰ পথ পৰিবহণ আৰু গাড়ী-মটৰৰ ক্ষেত্ৰখনতো এক ডাঙৰ বিপ্লৱ আনিব বুলি আশা কৰা হৈছে।
লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
ভোটাধিকাৰ সুৰক্ষা আৰু নিৰ্বাচন আয়োগৰ স্বচ্ছতাৰ দাবীত 'নাগৰিক উদ্যোগ'ৰ সংবাদ মেল: SIR বাতিল আৰু মুখ্য নিৰ্বাচনী আয়ুক্তৰ জবাবদিহিতাৰ আহ্বান
অসম ভূমি ৰাজহ আইন ২০২৬ৰ নতুন সংজ্ঞাক লৈ প্ৰব্ৰজন বিৰোধী মঞ্চৰ তীব্ৰ বিৰোধিতা , প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ বিশেষ পত্ৰ প্ৰেৰণ প্ৰব্ৰজন বিৰোধী মঞ্চৰ