নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?
নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?কিয় মানুহে তাৰ পূজা আৰম্ভ কৰিছে? তাৰো আছে এক ইতিহাস।
নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচনৰ জ্বৰ

প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছতেই পদত্যাগ কৰিছিল নগাঁৱৰ সংসদ পদৰ পৰা। ফলত খালী হৈ পৰা এই হাই-প্ৰফাইল সমষ্টিটোক পুনৰ উদ্ধাৰ কৰিবলৈ এতিয়া তৎপৰ হৈ পৰিছে কংগ্ৰেছ। আনফালে, বিজেপিয়েও নিজৰ প্ৰাৰ্থী তালিকাক লৈ অব্যাহত ৰাখিছে তীব্ৰ চৰ্চা।
উপ-নিৰ্বাচনৰ আনুষ্ঠানিক দিন ঘোষণা এতিয়াও হোৱা নাই, কিন্তু নগাঁও লোকসভা সমষ্টিক কেন্দ্ৰ কৰি ইতিমধ্যে উওপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি! শাসক-বিৰোধী উভয় শিবিৰতে এতিয়া নিৰ্বাচনী তৎপৰতা পূৰ্ণ গতিত। কিন্তু ইয়াৰ মাজতে বিৰোধী শিবিৰত দেখা গৈছে এক নতুন ৰাজনৈতিক মেৰুকৰণৰ ইংগিত।
আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব? সেই লৈ অনিশ্চয়তা থকাৰ মাজতে দেওবাৰে কংগ্ৰেছ নেতা ৰিপুণ বৰাই কৰিলে এক গুৰুত্বপূৰ্ণ বিস্ফোৰণ। ৰিপুণ বৰাৰ স্পষ্ট দাবী— বিজেপিক পৰাস্ত কৰিবলৈ হ’লে সকলো বিজেপি বিৰোধী শক্তি একত্ৰিত হ’বই লাগিব।
উল্লেখ্যযোগ্য যে ৰিপুণ বৰাই কেৱল বদৰুদ্দিন আজমল আৰু শ্বেৰমান আলী আহমেদক আহ্বান জনাই ক্ষান্ত থকা নাই । তেওঁ মুকলিকৈয়ে সহায় বিচাৰিছে AIUDF-ৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ নেতা তথা বিধায়ক শ্বেৰমান আলীৰ। বৰাৰ মতে, এই উপ-নিৰ্বাচনত AIUDF আৰু টি.এম.চি.য়ে নিজাকৈ প্ৰাৰ্থী নিদি কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ দেহে-কেহে নিৰ্বাচনী ৰণত নামি পৰা উচিত।
নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?কিয় মানুহে তাৰ পূজা আৰম্ভ কৰিছে? তাৰো আছে এক ইতিহাস।
ভূটান আৰু উত্তৰ-পূবৰ মূৰৰ ওপৰত ওলমিছে ভয়ংকৰ বিপদ: নিমিষতে নিশেষ হ’ব পাৰে সমগ্ৰ জনজীৱন!
প্রকৃতিৰ ৰুদ্ৰৰূপ! নেপালত ভয়াৱহ জলপ্ৰলয়, তছনছ জনজীৱন!