সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Mon, Aug 2026

তেজপুৰ লিচু উৎসৱ - ২০২৬

তেজপুৰ লিচু উৎসৱ - ২০২৬

দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰত লিচু উৎসৱ আয়োজন কৰা হয় ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীলৈ উপহাৰ হিচাপে লিচু প্ৰেৰণ কৰে ৷

 তেজপুৰত ৬ জুনৰ পৰা আৰম্ভ হৈছে 'তেজপুৰ লিচু উৎসৱ-২০২৬'। এই মহোৎসৱৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলা প্ৰশাসনে  নৰেন্দ্ৰ মোদীলৈ তেজপুৰৰ সুস্বাদু লিচু উপহাৰ হিচাপে প্ৰেৰণ কৰিছে।
ভৌগোলিক স্বীকৃতি (GI Tag) লাভ কৰা তেজপুৰৰ লিচুৰ চাহিদা বৰ্তমান সমগ্ৰ বিশ্বজুৰি বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনৰ এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰি তুলিব ৷  ইয়াৰ দ্বাৰা কৃষকসকলক অধিৎ উৎসাহিত কৰিব বুলি সচেতন মহলে মত ব্যক্ত কৰিছে।
উল্লেখযোগ্য যে, ৬ আৰু ৭ জুন তাৰিখে তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত এই দুদিনীয়া বৰ্ণাঢ্য লিচু উৎসৱৰ আয়োজন কৰা হয়। লিচু খেতিৰ লগত নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ লগতে প্ৰগতিশীল কৃষক আৰু কৃষি উদ্যোগীসকলক স্বীকৃতি প্ৰদান কৰাই হৈছে এই উৎসৱৰ মূল উদ্দেশ্য।