Breaking News: New scheme launched! Dashboard updated! Performance report available! Thank you for your support!
  • Thu, Jul 2026

সাপ্তাহিক বাতৰি পৰিক্ৰমা : Weekly news magazine

সাপ্তাহিক বাতৰি পৰিক্ৰমা : Weekly news magazine

শক্তিপীঠ কামাখ্যা ধামত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। ২২ জুনৰ পৰা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা ৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্রায় ২৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে গ্রীনফিল্ড শ্বিলং-শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ GI TAG .

 

সাপ্তাহিক বাতৰি পৰিক্ৰমা ---------->>

1)   শক্তিপীঠ কামাখ্যা ধামত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অহা ২২ জুনৰ পৰা কামাখ্যা মন্দিৰত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ২৪ গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অর্পণ কৰিছে। ১৮ জুনৰ দিনা কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদ মেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয়, যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰে'ল ষ্টেচন আৰু পাণ্ডু বন্দৰত দুটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা-খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰে'ল ষ্টেচন আৰু পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে শিবিৰৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে কোনো ধৰণৰ পৰিবহন ব্যৱস্থা নাথাকিব। ভক্তসকলৰ সুবিধার্থে নাৰ্চাৰী পইন্ট, নীলাচল পাহাৰৰ ওপৰত, মন্দিৰৰ পশ্চিম প্ৰবেশ দ্বাৰৰ সমীপত আৰু প্ৰশান্তি ল'জৰ ওচৰত মুঠ চাৰিটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্রণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি ৭০০-৮০০ মিটাৰৰ দূৰে দূৰে সাতটা স্থানত স্থাপন কৰা হেল্পডেস্কত তিনিজনকৈ বিষয়া থাকিব। অম্বুবাচী মেলা সন্দৰ্ভত মা কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই পৃথকে আয়োজন কৰা এখন সংবাদ মেলত মুখ্য দলৈ কবীন্দ্র প্রসাদ শৰ্মাই অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে প্রকাশ কৰে।
মুখ্য দলৈৰ মতে অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়  ২২ জুনৰ  নিশা ৯ বাজি  ৪২ চেকেণ্ড।নিবৃত্তি ২৬ জুনৰ দিনা সূৰ্য উদয়ৰ পিছত হ’ব আৰু  মা কামাখ্যাৰ মহাস্নান লগতে অন্যান্য নীতি-নিয়ম সম্পন্ন কৰা হ’ব।অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা তিনিদিনলৈকে মন্দিৰৰ মূল দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকে। এই সময়চোৱাত কোনো ধৰণৰ পূজা-পাতল, ৰন্ধা-বঢ়া বা মাংগলিক কাম কৰা নহয়।২৬ জুনৰ পুৱা দুৱাৰ মুকলি হোৱাৰ পিছতহে ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰি আশীৰ্বাদ ল’ব পাৰিব।
ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ১৭ জুনৰ দিনা অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা-খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰে'ল ষ্টেচন আৰু নাহৰবাৰীস্থিতি আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।  সংবাদ মাধ্যমৰ আগত পৰ্যটন মন্ত্ৰী গৰাকীয়ে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত তিনিটা শিবিৰ স্থাপন কৰা হৈছে। 
পর্যটন মন্ত্ৰীগৰাকীয়ে কয় যে অম্বুবাচী মেলাত ভক্তসকলৰ সুবিধার্থে পথ নির্দেশনাৰ সংকেত, ৰাজহুৱা ঘোষণা আদিৰ ব্যৱস্থা কৰা হৈছে।  তেওঁ কয় যে সকলো শিবিৰত জৰুৰীকালীন চিকিৎসা ব্যৱস্থাৰ লগতে পেৰামেডিকেল কৰ্মচাৰী নিয়োগৰ দিহা কৰা হৈছে। ভক্তৰ বাবে ষ্ট্ৰেচাৰ আৰু হুইল চেয়াৰৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে মন্দিৰলৈ উঠা-নমা প্রক্রিয়া শৃংখলাবদ্ধভাৱে হোৱাটো নিশ্চিত কৰিবলৈ প্ৰশাসনক নির্দেশ দিয়া বুলি সংবাদ মেলত সদৰি কৰে। মেলাৰ সময়ত স্বেচ্ছাসেৱী সংগঠনসমূহে যোগান ধৰা খাদ্যসামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক দায়িত্ব দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰী অজন্তা নেওগে কয় যে অম্বুবাচী মেলাত জিলা প্রশাসন, লোক নির্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰক্ষী, পৰ্যটন, স্বাস্থ্য বিভাগ আদিৰ হেল্পডেস্ক থাকিব। মেলাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন হ'লে ভক্তসকলে এই হেল্প ডেস্কৰ সহায় ল'ব পাৰিব। মন্ত্রী গৰাকীয়ে কয় যে ২০২৪ বর্ষত অম্বুবাচী মেলালৈ দেশ-বিদেশৰ ৭ লাখ ৪৩ হাজাৰ ৬৬গৰাকী ভক্তৰ আগমন ঘটিছিল। যোৱা বছৰ ৭ লাখ ৮১ হাজাৰৰো অধিক ঘৰুৱা আৰু ৪৩গৰাকী বিদেশী পর্যটক অম্বুবাচী মেলালৈ অহা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰ ৮ লাখৰো অধিক ভক্তৰ আগমন ঘটিব বুলি আশা ব্যক্ত কৰে। সংবাদ মেলত ৰাজ্যৰ গৃহ, ৰাজনৈতিক তথা পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই অম্বুবাচী মেলাৰ সময়ত ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ অংশ হিচাপে প্রশাসনে মেলাৰ সময় নির্ধাৰণ কৰি দিয়া বুলি জানিবলৈ দিয়ে। এই অনুসৰি পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈহে ভক্ত বা সাধাৰণ লোক কামাখ্যা মন্দিৰলৈ যাব পাৰিব।   ইপিনে, যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই সংবাদ মেলত কয় যে মেলাৰ সময়ত নাৰ্চাৰী পইণ্টৰ পৰা মন্দিৰলৈকে সকলো যান-বাহনৰ চলাচল নিষিদ্ধ থাকিব। এম্বুলেন্স, পানীৰ গাড়ী আৰু গুৱাহাটী পৌৰ নিগমৰ বাহনকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনহে এই পথছোৱাৰে চলাচল কৰিব পাৰিব। পাণ্ডু বন্দৰৰ পৰা নাহৰবাৰীৰ পথেৰে প্ৰশাসনে ব্যৱস্থা কৰা বাহন চলাচল কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

2)  কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্রায় ২৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে গ্রীনফিল্ড শ্বিলং-শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। ১৫ জুনৰ দিনা শ্বিলঙত উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সম্মিলন আৰু প্রদর্শনী মুকলি কৰি তেওঁ এইকথা ঘোষণা কৰে। তেওঁ কয়, যে ১৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিড’ৰ উত্তৰ-পূবৰ আন্তঃগাঁথনি ক্ষেত্ৰত বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হ'ব। এই কৰিড'ৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় ৫০ শতাংশ হ্রাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সর্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্রকাশ কৰে। এই অনুষ্ঠানত শ্রীগাডকাৰীয়ে ৮ হাজাৰ ৫০০ কোটি টকা ব্যয়সাপেক্ষ প্ৰস্তাৱিত, চাৰিটা লেনযুক্ত গ্রীনফিল্ড-যোৰাবাট-বৰাপানী কৰিডৰৰ বিষয়েও উল্লেখ কৰে। ৬৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় আঢ়ৈ ঘণ্টাৰ পৰা এঘণ্টালৈ হ্রাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত ৩৯ হাজাৰ ৮০০ কোটি টকা ব্যয়সাপেক্ষ ৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে ৷ এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই অংশগ্রহণ কৰে।

3) ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে GI TAG অর্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে ম'হৰ শিঙৰ পেঁপা, বাঁহ শিল্প, কার্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্রদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্র্যপূর্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচ্যাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্যৰ লগতে প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতিলাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহনক্ষমতা নিশ্চিত কৰাৰ বাবে নাবার্ডে ভৌগোলিক সূচাংক প্রমাণ পত্র লাভ প্রক্রিয়াক সক্রিয়ভাৱে সমর্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্রীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতাক সুদৃঢ় কৰাই নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্রবন্ধকগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচ্যাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা ১২ লৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব।

4) আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত যুদ্ধ সামৰিবলৈ এক অন্তৱৰ্তীকালীন চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ ফলত ইৰাণে হৰমুজ প্ৰণালী (Strait of Hormuz) মুকলি কৰি দিছে আৰু আমেৰিকাই নৌ-অৱৰোধ প্ৰত্যাহাৰ কৰাত খাৰুৱা তেলৰ বজাৰলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। ইয়াৰ ফলত বিশ্বজুৰি খাৰুৱা তেলৰ দাম যথেষ্ট হ্ৰাস পাইছে। আমেৰিকা আৰু ইৰাণৰ মাজত ১৪ দফীয়া এখন বুজাবুজি চুক্তি (memorandum of understanding) স্বাক্ষৰিত হৈছে। ইয়াৰ জৰিয়তে দুয়ো পক্ষই যুদ্ধৰ অন্ত পেলাই ৬০ দিনৰ বাবে যুদ্ধবিৰতি (ceasefire) ঘোষণা কৰিছে। এই সময়ছোৱাত ইৰাণৰ ওপৰত আৰোপিত তেল ৰপ্তানিৰ নিষেধাজ্ঞা আমেৰিকাই আঁতৰাইছে।  বিশ্বৰ প্ৰায় ২০ শতাংশ খাৰুৱা তেল সৰবৰাহ হোৱা গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীৰ জলপথ ইৰাণে সাময়িকভাৱে বন্ধ কৰি ৰাখিছিল। চুক্তিৰ পিছত আমেৰিকাই অৱৰোধ উঠাই লয় আৰু তেলবাহী জাহাজ তথা বাণিজ্যিক জাহাজসমূহ পুনৰ মুক্তভাৱে চলাচল কৰিবলৈ আৰম্ভ কৰিছে।এই চুক্তিয়ে বিশ্বৰ অৰ্থনীতিত গভীৰ প্ৰভাৱ পেলাইছে। যুদ্ধৰ সময়ত খাৰুৱা তেলৰ দাম প্ৰতি বেৰেলত ১২৬ ডলাৰলৈকে বৃদ্ধি পাইছিল। হৰমুজ প্ৰণালী মুকলি হোৱাৰ পিছত ব্ৰেণ্ট ক্ৰুড (Brent crude) আৰু ডব্লিউ টি আই (WTI) ৰ খাৰুৱা তেলা দৰ দ্ৰুতভাৱে হ্ৰাস পাই ৮০ ডলাৰৰ তললৈ নামি আহিছে।অৱশ্যে, চুক্তিখন চলি থকাৰ মাজতো ইজৰাইল আৰু লেবাননৰ সংঘাতৰ বাবে কিছু অস্থিৰতা বিৰাজ কৰিছে।