G-7 সন্মিলনৰ মাজতে মোদী-ট্ৰাম্পৰ গুৰুত্বপূৰ্ণ বৈঠক:
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ ট্ৰাম্পে তেওঁক এগৰাকী 'Tough Negotiator' বুলি অভিহিত কৰে।
GMC ৰ কঠোৰ নিয়মক বুঢ়া আঙুলি একাংশৰ, মহানগৰীৰ সৌন্দৰ্য্যত একাংশই সানিছে কলা ৰং
স্মাৰ্ট চিটি গুৱাহাটী এতিয়া ডাম্পিং গ্ৰাউণ্ড হৈ পৰিছে নেকি? মহানগৰীৰ সৌন্দৰ্য্যত এতিয়া একাংশ অসচেতন নাগৰিকে সানিছে নেকি কলা দাগ? হয়, গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এতিয়া য’তে ত’তে জাৱৰ-জোথৰ পেলাই বিনষ্ট কৰা হৈছে প্ৰাকৃতিক পৰিৱেশ। জি.এম.চি. (GMC)ৰ নিয়মক বুঢ়া আঙুলি দেখুৱাই এতিয়া একাংশ লোকে বাট-পথ, নলা-নৰ্দমা আনকি ফুটপাথতো পেলাইছে আৱৰ্জনা। যাৰ বাবে দুৰ্গন্ধই অতিষ্ঠ কৰি তুলিছে সাধাৰণ পথচাৰীক। চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন
ব্যস্ত মহানগৰী গুৱাহাটী। এখন স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে কোটি কোটি টকা ব্যয় কৰিছে। কিন্তু এই সকলো প্ৰচেষ্টাত যেন পানী ঢালিছে একাংশ দায়িত্বহীন নাগৰিকে। গুৱাহাটীৰ গণেশগুৰি, পল্টনবজাৰ, হাতীগাঁও, ভি.আই.পি. ৰোড আনকি বামুণীমৈদাম এফচিআই আদিৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ চুকে-কোণে এতিয়া কেৱল জাৱৰ আৰু জাৱৰ।
প্ৰতিদিনে পৌৰ নিগমে ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰাৰ পিছতো, একাংশ লোকে নিশাৰ আন্ধাৰৰ সুযোগ লৈ অথবা বাইকেৰে গৈ থকাৰ অৱস্থাতে প্লাষ্টিকৰ বেগ ভৰ্তি জাৱৰ এনেদৰে পেলাই থৈ যায় ৰাজহুৱা স্থানত। আমি এয়া আপোনালোকক দেখাইছো বামুণীমৈদামৰ এফচিআই গেটৰ ওচৰৰ এই দৃশ্য। এইটো বিশাল মেগামাৰ্টৰ চপিং মল । ইয়াৰ কাষৰ পথটোত এইটো যাৱৰৰ দম । সকলোৱে ইয়াত যাৱৰ পেলাই গোটেই পৰিবেশটো দুৰ্গন্ধমই কৰি তুলিছে ।
কেৱল দুৰ্গন্ধই নহয়, এই আৱৰ্জনাৰ বাবে এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈছে মহানগৰীত। প্লাষ্টিক আৰু জাৱৰে নলা-নৰ্দমাবোৰ বন্ধ কৰি পেলোৱাৰ ফলত এজাক বৰষুণ দিলেই গুৱাহাটীৰ পথসমূহ সাগৰ সদৃশ হৈ পৰে। পৰিৱেশবিদসকলৰ মতে, এইদৰে য’তে ত’তে আৱৰ্জনা পেলোৱাৰ ফলত মাটি, পানী আৰু বায়ু— তিনিওটাই মাৰাত্মকভাৱে প্ৰদূষিত হৈ পৰিছে।
প্ৰশাসনে জৰিমনা বিহাৰ নিয়ম কৰিছে যদিও, কঠোৰ নিৰীক্ষণৰ অভাৱৰ বাবেই এনে অসচেতন লোকসকল সাৰি যাবলৈ সক্ষম হৈছে।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ ট্ৰাম্পে তেওঁক এগৰাকী 'Tough Negotiator' বুলি অভিহিত কৰে।
অৱশেষত যুদ্ধখনৰ যৱনিকা পৰিব! ১০৮ দিনৰ সংঘাতৰ অন্ত ১৯ জুনত শান্তি চুক্তি ইৰাণ আমেৰিকাৰ
হৰমুজ প্ৰণালী অৱৰোধ অন্ত পৰিব নেকি ? যুদ্ধজৰ্জৰ বিশ্বলৈ শান্তি ঘূৰি আহিবনে ? দীৰ্ঘদিনীয়া উত্তেজনা আৰু যুদ্ধংদেহী পৰিৱেশৰ অন্ত পেলাই অৱশেষত এক ঐতিহাসিক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰাৰ দিশে আগবাঢ়িছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰান।