সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Mon, Aug 2026

নিলম্বন ১৪ গৰাকী জ্যেষ্ঠ কংগ্ৰেছ দলৰ নেতা

নিলম্বন ১৪ গৰাকী জ্যেষ্ঠ কংগ্ৰেছ দলৰ নেতা

১৪ গৰাকী জ্যেষ্ঠ নেতাক তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ অহা ৬ বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা নিলম্বন

 অসম বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটী চমুকৈ APCC-এ গ্ৰহণ কৰিছে এক বৃহৎ অনুশাসনমূলক পদক্ষেপ। APCCৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে দলৰ ১৪গৰাকী জ্যেষ্ঠ নেতাক তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ অহা ৬ বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছে।

8349f829-0ec0-4640-8643-5c9188f14c06.jpg

 ​দলীয় শৃংখলা ভংগ আৰু নিৰ্বাচনৰ সময়ত দলৰ বিৰুদ্ধে কাৰ্যকলাপ চলোৱাৰ গুৰুতৰ অভিযোগত এই অনুশাসনমূলক শাস্তি প্ৰদান কৰা হৈছে। নিলম্বিত হোৱা ১৪গৰাকী কংগ্ৰেছ নেতা হ’ল—

​ছামচুৰ ৰহমান চৌধুৰী – উপ সভাপতি, শিলচৰ জিলা কংগ্ৰেছ

​আকতাৰ হুছেইন বৰভূঞা – উপ সভাপতি, শিলচৰ জিলা কংগ্ৰেছ

​মজিবুৰ ৰহমান চৌধুৰী – উপ সভাপতি, শিলচৰ জিলা কংগ্ৰেছ

​আজমল হুছেইন লস্কৰ – সাধাৰণ সম্পাদক (সংগঠন), শিলচৰ জিলা কংগ্ৰেছ

​ছাইনী আহমেদ লস্কৰ – সাধাৰণ সম্পাদক, শিলচৰ জিলা কংগ্ৰেছ

​মেহবুব হুছেইন – সাধাৰণ সম্পাদক, শিলচৰ জিলা কংগ্ৰেছ

​ইজাজ লস্কৰ – সাধাৰণ সম্পাদক, অসম যুৱ কংগ্ৰেছ কমিটী

​হানিফ আলম মজুমদাৰ – সাধাৰণ সম্পাদক, শিলচৰ জিলা কংগ্ৰেছ

​অলতাফ হুছেইন লস্কৰ – সাধাৰণ সম্পাদক, শিলচৰ জিলা কংগ্ৰেছ

​মাজিব আহমেদ লস্কৰ – সাধাৰণ সম্পাদক, শিলচৰ জিলা কংগ্ৰেছ

​জাহুৰ চৌধুৰী – সাধাৰণ সম্পাদক, মাইনৰিটী বিভাগ

​কবিৰ আহমেদ লস্কৰ – সাধাৰণ সম্পাদক, সোণাই জিলা কংগ্ৰেছ কমিটী

​আনছাৰ হুচেইন বৰলস্কৰ – প্ৰাক্তন সভাপতি, জিলা মাইনৰিটী বিভাগ

​ৰেকিব আহমেদ মজুমদাৰ – সভাপতি, সোণাই সমষ্টি যুৱ কংগ্ৰেছ