Breaking News: New scheme launched! Dashboard updated! Performance report available! Thank you for your support!
  • Thu, Jul 2026

নেইমাৰৰ বিদায় আৰু হালাণ্ডৰ উত্থান: বিশ্ব ফুটবলত এক নতুন যুগৰ সূচনা Neymar's departure and Haaland's rise: the dawn of a new era in world football

নেইমাৰৰ বিদায় আৰু হালাণ্ডৰ উত্থান: বিশ্ব ফুটবলত এক নতুন যুগৰ সূচনা Neymar's departure and Haaland's rise: the dawn of a new era in world football

ব্ৰাজিলৰ ছাম্বা ফুটবলৰ যাদুকৰ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় মাগিলে। ব্ৰাজিলক পৰাস্ত কৰি নৰৱেৰ গ’ল মেচিন আৰ্লিং হালাণ্ডে এক নতুন মহাতাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।

২০২৬ৰ ফিফা বিশ্বকাপ  ফুটবল ইতিহাসত এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ হিচাপে চিহ্নিত হৈ ৰ’ব। এই প্ৰতিযোগিতাতে ব্ৰাজিলৰ ছাম্বা ফুটবলৰ যাদুকৰ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় মাগিলে। আনহাতে, ব্ৰাজিলক পৰাস্ত কৰি নৰৱেৰ গ’ল মেচিন আৰ্লিং হালাণ্ডে এক নতুন মহাতাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। বিশ্বকাপৰ ৰাউণ্ড অব্ 16-ৰ এক ৰোমাঞ্চকৰ মেচত নৰৱেৰ হাতত ২-১ গলত পৰাস্ত হৈ ব্ৰাজিল প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। মেচখন শেষ হোৱাৰ লগে লগে ব্ৰাজিলৰ সৰ্বকালৰ সৰ্বাধিক গলদাতা (৮০ টা গল) নেইমাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে।  নেইমাৰে ২০১০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেটলাইফ ষ্টেডিয়ামত ব্ৰাজিলৰ হৈ যি যাত্ৰা আৰম্ভ কৰিছিল, ঠিক ১৬ বছৰ পিছত একেখন ষ্টেডিয়ামতে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্ত পৰে। খেলপথাৰতে চকুলো টুকি নেইমাৰে সংবাদ মাধ্যমৰ আগত কয়, "মই চেষ্টা কৰিছিলোঁ, বহুত চেষ্টা কৰিছিলোঁ। এতিয়া সকলো শেষ। মই ইয়াতেই আৰম্ভ কৰিছিলোঁ আৰু ইয়াতেই শেষ কৰিলোঁ।" 
 ব্ৰাজিলৰ বিৰুদ্ধে দুটাকৈ গল দি নৰৱেক কোৱাৰ্টাৰ ফাইনেললৈ লৈ যোৱা হালাণ্ডে বৰ্তমান ফুটবল বিশ্বত নতুন তাৰকা হিচাপে জিলিকি উঠিছে। প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলা ২৫ বছৰীয়া হালাণ্ডে মাত্ৰ ৪ খন মেচতে ৭ টা গল দি গোল্ডেন বুটৰ দৌৰত লিয়নেল মেছি আৰু কাইলিয়ান এমবাপেৰ সৈতে শীৰ্ষ স্থানত আছে।  ১৯৯৮ চনৰ পিছত নৰৱেক প্ৰথমবাৰৰ বাবে বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰোৱাত হালাণ্ডৰ একক ভূমিকা আছিল ৷ বাছনি পৰ্বত হালাণ্ডে ১৬ টা গ’ল কৰে।  কম বয়সতে নৰৱেৰ সৰ্বকালৰ সৰ্বাধিক গ’লদাতা হোৱাৰ লগতে তেওঁ ক্লাব ফুটবলতো মানচেষ্টাৰ চিটিৰ হৈ গোল্ডেন বুট অৰ্জন কৰি ফুটবলক এক বেলেগ স্তৰলৈ লৈ গৈছে।
ফুটবল জগত সদায় পৰিৱৰ্তনশীল। নেইমাৰ জুনিয়ৰৰ বিদায়ে বিশ্বৰ কোটি কোটি অনুৰাগীক দুখ দিছে যদিও, আৰ্লিং হালাণ্ডৰ দৰে যুৱ তাৰকাৰ উত্থানে প্ৰমাণ কৰিলে যে ফুটবলত কেতিয়াও প্ৰতিভাৰ আকাল নহয়। নেইমাৰৰ যাদুৰ দিন শেষ হ’ল আৰু এতিয়া আৰম্ভ হ’ল হালাণ্ডৰ দৰে গ’লমেচিনৰ সময়।