সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Mon, Aug 2026

"মই Gen-Z ৰ কথা নকওঁ, জ্যেষ্ঠ নাগৰিকৰ কথাহে কম"

"মই Gen-Z ৰ কথা নকওঁ, জ্যেষ্ঠ নাগৰিকৰ কথাহে কম"

"মই Gen-Z ৰ কথা নকওঁ, জ্যেষ্ঠ নাগৰিকৰ কথাহে কম" :মুখ্যমন্ত্ৰী

whatsapp-image-2026-08-19-at-72457-pm.jpeg

কামৰূপ মহানগৰ জিলাবাসীৰ প্ৰশাসনিক সুবিধাৰ দিশত আজি সূচনা হ’ল এক নতুন অধ্যায়ৰ। আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হ’ল কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ নৱনিৰ্মিত অত্যাধুনিক কাৰ্যালয় ভৱন। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি এই দৃষ্টিনন্দন কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে।
​প্ৰায় ৮১ কোটি টকা ব্যয়সাপেক্ষে ১২,৬৯৫ বৰ্গমিটাৰ আৱৰা বিশাল এলেকাজুৰি নিৰ্মাণ কৰা হৈছে এই নতুন ভৱনটো। পৰিৱেশ সুৰক্ষা আৰু সেউজ শক্তিৰ প্ৰচাৰৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যালয় চৌহদত সংস্থাপন কৰা হৈছে ৩৫০ কিলোৱাট (kW) ক্ষমতাৰ সৌৰশক্তি উৎপাদন ব্যৱস্থা।
​পূৰ্বৰ তুলনাত এই নতুন সংহত কাৰ্যালয়টোত আয়ুক্তৰ সৈতে জড়িত সকলোবোৰ গুৰুত্বপূৰ্ণ বিভাগ একেটা চালিৰ তলতে উপলব্ধ হ’ব, যিয়ে গুৱাহাটী মহানগৰীৰ ১২ লাখ ৬০ হাজাৰ লোকক পোনপটীয়াকৈ সুবিধা প্ৰদান কৰিব।
​অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২০২৩ চনৰ ৫ জানুৱাৰীত ২,০০০ কোটি টকা বাজেটৰে ‘বিকাশৰ বাবে এদিন’ কাৰ্যসূচীৰ অধীনত ৭ টা প্ৰকল্প হাতত ল’ব পৰা গৈছিল। ইয়াৰে অধিকাংশ প্ৰকল্প ইতিমধ্যে মুকলি হৈছে আৰু অহা বছৰৰ এপ্ৰিল মাহত সংহত সঞ্চালকালয় মুকলি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
​জনতা ভৱনলৈ সাধাৰণ ৰাইজৰ অনাহক আহ-যাহ হ্ৰাস কৰাই চৰকাৰৰ মূল লক্ষ্য বুলি উল্লেখ কৰি তেওঁ কয় যে, গুৱাহাটীত ৯-১০ টা নতুন চুটি কাৰ্যালয় গঠন কৰা হ’ব য’ত উপ-পঞ্জীয়ক উপস্থিত থাকিব। মাটি আৰু ফ্লেট পঞ্জীয়ন প্ৰক্ৰিয়া সহজ কৰি ‘সম জিলা’ কাৰ্যালয়বোৰক অধিক ক্ষমতা প্ৰদান কৰা হৈছে।
​প্ৰশাসনক অধিক স্বচ্ছ আৰু সজাগ কৰাৰ বাবে কাৰ্যালয়ৰ প্ৰতিটো কোঠা আৰু বাৰাণ্ডাত CCTV সংস্থাপন কৰাৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও, কাৰ্যালয়লৈ অহা বয়োজেষ্ঠসকলৰ সুবিধাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়—
"মই Gen-Z ৰ কথা নকওঁ, জ্যেষ্ঠ নাগৰিকৰ কথাহে কম।" — জ্যেষ্ঠ নাগৰিকসকলে যাতে চৰকাৰী কাৰ্যালয়লৈ আহি দীৰ্ঘসময় থিয় হৈ কষ্ট পাবলগীয়া নহয়, তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিবলৈ কাৰ্যালয়ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।
​ভৱিষ্যতৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি তেওঁ জনায় যে গুৱাহাটীৰ ৫৯ টা বিভাগ একেলগে আনি এটা ১২ মহলীয়া কেন্দ্ৰীয় কাৰ্যালয় নিৰ্মাণৰ চিন্তা কৰা হৈছে। কাৰ্যালয়লৈ অহা লোকসকলৰ সুবিধাৰ বাবে পাৰ্কিং আৰু উদ্যানৰ ব্যৱস্থা কৰাৰ লগতে কাষৰ জলাশয়টো সংৰক্ষণ কৰিবলৈ নগৰ উন্নয়ন বিভাগক অনুৰোধ জনোৱা হয়। নতুন সংহত কাৰ্যালয়টোত স্থানীয় বিধায়কসকলৰ বাবেও এটা সুকীয়া কোঠা সংৰক্ষণ কৰা হৈছে।