Breaking News: New scheme launched! Dashboard updated! Performance report available! Thank you for your support!
  • Thu, Jul 2026

কাৰ্গিলৰ অমৰ নায়ক কেপ্টেইন জিণ্টু গগৈ

কাৰ্গিলৰ অমৰ নায়ক কেপ্টেইন জিণ্টু গগৈ

কাৰ্গিলৰ অমৰ নায়ক কেপ্টেইন জিণ্টু গগৈ অমৰ নায়ক কেপ্টেইন জিণ্টু গগৈ

 আজি ৩০ জুন। অসম তথা সমগ্ৰ দেশবাসীৰ বাবে এক অত্যন্ত আৱেগিক আৰু গৌৰৱোজ্জ্বল দিন। আজিৰ দিনটোতেই ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত শত্ৰুৰ বিৰুদ্ধে যুঁজি যুঁজি দেশৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল অসম মাতৃৰ বীৰ সন্তান কেপ্টেইন জিণ্টু গগৈয়ে। মাত্ৰ ২৮ বছৰ বয়সতে বুকুৰ তেজেৰে কাৰ্গিলৰ বৰফাবৃত্ত পাহাৰ ৰঙীন কৰি তোলা ১৭ নম্বৰ গাড়ৱাল ৰাইফলছৰ এইগৰাকী সাহসী বীৰ সেনানীৰ আজি পবিত্ৰ শ্বহীদ দিৱস। তেওঁৰ সেই অমৰ ত্যাগ আৰু পৰাক্ৰমক আজি আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। 

১৯৯৯ চনৰ জুন মাহ। দেশত তেতিয়া কাৰ্গিল যুদ্ধৰ তীব্ৰ উত্তেজনা। ঠিক সেই সময়তে অসমৰ গোলাঘাট জিলাৰ খুমটাইৰ এটা পৰিয়াললৈ আহিছিল এক সুখবৰ। বায়ুসেনাৰ প্ৰাক্তন বিষয়া ঠগিৰাম গগৈ আৰু দুলুপ্ৰভা গগৈৰ একমাত্ৰ পুত্ৰ, ১৭ গাড়ৱাল ৰাইফলছৰ কেপ্টেইন জিণ্টু গগৈৰ আঙুঠি পিন্ধোৱা (Engagement) সম্পন্ন হৈছিল। বিয়াৰ দিন ঠিক হৈছিল। ঘৰলৈ ছুটিত অহা জিণ্টু গগৈৰ হাতত আছিল মাত্ৰ কেইটামান দিন। কিন্তু দেশৰ আহ্বান আহিল। ছুটি আধাতে সামৰি, বিয়াৰ পিৰা এৰি ভাৰত আইৰ ৰক্ষাৰ বাবে ৰণক্ষেত্ৰলৈ ঢাপলি মেলিলে এইজন অসম সন্তান। 
 
২৯ জুনৰ নিশাই কেপ্টেইন জিণ্টু গগৈক এক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছিল। বাটালিক ছেক্টৰৰ অতি দুৰ্গম ‘কালাপাথৰ’ আৰু ‘জুবাৰ টপ’ শত্ৰুৰ কৱলৰ পৰা মুক্ত কৰিব লাগিব। প্ৰায় এক কিলোমিটাৰ থিয় বৰফাবৃত্ত পাহাৰ বগাই নিজৰ প্লাটনটোক নেতৃত্ব দি জিণ্টু গগৈ ৩০ জুনৰ পুৱতি নিশা লক্ষ্যস্থানত উপনীত হয়। কিন্তু দুৰ্ভাগ্যবশতঃ শত্ৰু সৈন্যই তেওঁলোকক চাৰিওফালৰ পৰা ঘেৰি ধৰে। শত্ৰুৱে জিণ্টু গগৈক আত্মসমৰ্পণ কৰিবলৈ কৈছিল। কিন্তু লাচিতৰ দেশৰ এই বীৰে পিঠি দি পলোৱা নাছিল বা আত্মসমৰ্পণ কৰা নাছিল। তেওঁ বাছি লৈছিল যুঁজৰ মৰ্যাদাপূৰ্ণ পথ। 
 
শত্ৰুৰ মেচিন গানৰ গুলীয়ে থকা-সৰকা কৰি পেলাইছিল জিণ্টু গগৈৰ বুকু। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈও তেওঁ থমকি ৰোৱা নাছিল। নিজৰ সৈন্যদলক সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দি, জিণ্টু গগৈয়ে অকলেই শত্ৰুৰ ওপৰত জপিয়াই পৰিছিল আৰু নিজ হাতেৰে দুজন অনুপ্ৰৱেশকাৰীক বধ কৰিছিল। শেষ নিশাহলৈকে গুলীবৰ্ষণ কৰি কাৰ্গিলৰ মাটিত ঢলি পৰিছিল অসমৰ এই অমৰ সন্তান। শ্বহীদ হোৱাৰ সময়ত তেওঁৰ মৃতদেহ পোৱা গৈছিল শত্ৰুৰ শিবিৰৰ মাত্ৰ ১৫০ গজ দূৰত্বত। 
​তেওঁৰ এই অসীম সাহসৰ বাবেই ভাৰত চৰকাৰে তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ সামৰিক সন্মান **‘বীৰ চক্ৰ’ৰে বিভূষিত কৰে। পৰৱৰ্তী সময়ত অসম চৰকাৰেও তেওঁক 'বীৰ চিলাৰায় বঁটা'ৰে সন্মানিত কৰে।

কেপ্টেইন জিণ্টু গগৈ কেৱল এটা নাম নহয়, তেওঁ অসমৰ যুৱ প্ৰজন্মৰ বাবে দেশপ্ৰেমৰ এক জলন্ত প্ৰেৰণা। আজি তেওঁৰ এই পবিত্ৰ শ্বহীদ দিৱসত সমগ্ৰ অসমবাসীয়ে অশ্রুসিক্ত নয়নেৰে এই মহান বীৰগৰাকীক সুঁৱৰিছে। লখিমী বোৱাৰী অনাৰ সলনি ঘৰলৈ যেতিয়া ত্ৰিৰংগাৰে মেৰিওৱা জিণ্টু গগৈৰ নশ্বৰ দেহ আহিছিল, তেতিয়া কান্দোনৰ মাজতো অসমীয়া হিচাপে প্ৰতিজনৰে বুকু গৌৰৱত ফুলি উঠিছিল। শত্ৰুৰ সন্মুখত আঁঠু নোলোৱা কাৰ্গিলৰ সেই সিংহপুৰুষ কেপ্টেইন জিণ্টু গগৈলৈ আমাৰ নিউজ ডেস্কৰ তৰফৰ পৰাও যাচিলোঁ সশ্ৰদ্ধ প্ৰণিপাত। আপুনি অমৰ, আপোনাৰ ত্যাগ অমৰ

jintu-7.JPG