সকলোতকৈ আগত আৰু সৰ্বোত্তম।                     খবৰ যেতিয়া, বিশ্বাস তেতিয়া।                     সত্যৰ সন্ধানত, অসমৰ প্ৰতি দায়বদ্ধ।
  • Mon, Aug 2026

ভূটান আৰু উত্তৰ-পূবৰ মূৰৰ ওপৰত ওলমিছে ভয়ংকৰ বিপদ: নিমিষতে নিশেষ হ’ব পাৰে সমগ্ৰ জনজীৱন!

ভূটান আৰু উত্তৰ-পূবৰ মূৰৰ ওপৰত ওলমিছে ভয়ংকৰ বিপদ: নিমিষতে নিশেষ হ’ব পাৰে সমগ্ৰ জনজীৱন!

ভূটান আৰু উত্তৰ-পূবৰ মূৰৰ ওপৰত ওলমিছে ভয়ংকৰ বিপদ: নিমিষতে নিশেষ হ’ব পাৰে সমগ্ৰ জনজীৱন!

 মহাপ্ৰলয়ৰ পথত উত্তৰ-পূৰ্বাঞ্চল!

নেপালৰ এই জলপ্ৰলয়ৰ পৰা এতিয়া আমি সকলোৱে শিক্ষা লোৱাৰ সময়। কিয়নো সময়ত সচেতন নহ’লে নেপালৰ দৰেই পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব উত্তৰ-পূৰ্বাঞ্চলৰ দৰে আঞ্চল । উল্লেখযোগ্য কথাটো হ'ল যে হিমালয়ৰ হিমবাহ বিস্ফোৰণৰ ফলত প্ৰকৃতিয়ে কিমান ৰুদ্ৰৰূপ ধাৰণ কৰিব পাৰে, ইটোৰ পিছত সিটো প্ৰমাণ লাভ কৰিছে মানৱজাতিয়ে। উজনি অসমতকৈ বহুগুণে ভয়ংকৰ, প্ৰলয়ংকাৰী নেপালৰ জলপ্ৰলয়ে বুজাই দিছে যে, প্ৰকৃতিৰ সৈতে খেলা কৰিলে সকলো হ'ব নিঃচ্ছিহ্ন। প্ৰকৃতিৰ ওপৰত কৰি অহা ধাৰাবাহিক অত্যাচাৰৰ যেন ফল ভুগিছে মানৱজাতিয়ে।

chatgpt-image-aug-29-2026-05-10-45-pm.png

 গুৰুত্বপূৰ্ণ কথাটো হ'ল যে৭বছৰ পূৰ্বেই তথ্য ভিত্তিক ভাৱে সকিয়াই দিছিল এদল বিজ্ঞানীয়ে।৭বছৰৰ পূৰ্বেই তথ্যভিত্তিকভাৱে এনে প্ৰলয় আহিব বুলি সকিয়াই দিছিল এদল বিজ্ঞানীয়ে। ৩শতাধিক বিজ্ঞানীয়ে দিন-ৰাতি একাকাৰ কৰি ৫বছৰ ধৰি চলোৱা সমীক্ষাত পোহৰলৈ আহিছিল এই তথ্য। ইয়াৰ পূৰ্বেও ১৯৯০ৰ পৰা ২০১৮চনলৈ নাছাই চলোৱা এক সমীক্ষাতো ভয়ংকৰ কিছু কথা উদঘাটন হৈছিল। এই সকলোবোৰ তথ্য ৰাজহুৱা কৰা হৈছিল যদিও নাছিল প্ৰয়োজনীয় সৰ্তকতাৰ লগতে জনসচেতনতা। এই প্ৰলয়ৰ এটা আভাস ২০২৫চনতে লাভ কৰিছিল নেপালে। আজিৰ পৰা ১৪মাহৰ পূৰ্বে হোৱা এই জলপ্ৰলয়ত ৯জন লোকৰ মৃত্যুৰ লগতে ১৯গৰাকী ব্যক্তি সন্ধানহীন হৈছিল।

 ভূটান আৰু উত্তৰ-পূবৰ মূৰৰ ওপৰত ওলমিছে ভয়ংকৰ বিপদ!

নেপালৰ এই জলপ্ৰলয়ৰ পৰা এতিয়া আমি সকলোৱে শিক্ষা লোৱাৰ সময়। কিয়নো সময়ত সচেতন নহ’লে নেপালৰ দৰেই পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব আমি । হিমালয়ৰ হিমবাহ বিস্ফোৰণে সমগ্ৰ ভাৰতৰ লগতে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত ভয়াবহ পৰিৱেশৰ সৃষ্টি কৰিব ।


হিমবাহ বিস্ফোৰণৰ ফলত উপত্যকাত অহা বানৰ তাণ্ডৱ, হিমালয়ৰ পৰা এছিয়াৰ ১০ খন প্ৰধান নদী গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, মেকং, য়াংছে আদি সৃষ্টি হৈছে। বৰফ দ্ৰুতগতিত গলিবলৈ ধৰাৰ বাবে ২০৫০ চনলৈকে এই নদীসমূহত পানীৰ প্ৰবাহ অস্বাভাৱিকভাৱে বৃদ্ধি পাব আৰু ধাৰাবাহিক বানপানী হ’ব। এয়া আমি কোৱা কথা নহয়, বিজ্ঞানীসকলে দিয়া তথ্যভিত্তিক সকিয়নী। কিয়নো ICIMOD-ৰ ২০১৯ চনৰ ‘হিন্দু কুশ হিমালয় মূল্যায়ন’ প্ৰতিবেদনখনক বিজ্ঞানৰ ভাষাত হিমালয় অঞ্চলৰ বাবে প্ৰথমটো আটাইতকৈ ভয়াৱহ আৰু তথ্যভিত্তিক সকীয়ানি বুলি গণ্য কৰা হয়। ৩৫০ জনৰো অধিক বিজ্ঞানী আৰু বিশেষজ্ঞই ৫ বছৰ ধৰি কৰা গৱেষণাৰ অন্তত প্ৰকাশ কৰিছিল এই প্ৰতিবেদন। 


আনহাতে উত্তৰ আৰু দক্ষিণ মেৰুৰ পাছতে হিন্দু কুশ-হিমালয় অঞ্চলত পৃথিৱীৰ আটাইতকৈ বেছি বৰফ জমা হৈ আছে।  যাৰ বাবে ইয়াক পৃথিৱীৰ "তৃতীয় মেৰু" বুলিও কোৱা হয়। বিজ্ঞানীসকলে সকীয়াই দিছিল যে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি ১.৫° চেলছিয়াছত ধৰি ৰাখিব পাৰিলেও এই অঞ্চলত গোলকীয় গড়তকৈ অধিক উষ্ণতা বৃদ্ধি পাব।  
এইসমূহ হিমবাহ হ্ৰদেই প্ৰলয় সৃষ্টি কৰিছিল নেপালত গোলকীয় উষ্ণতাৰ বাবে ২১০০ চনৰ ভিতৰত ইয়াৰ ৩.৬ লাখ বৰ্গ কিলোমিটাৰ এলেকাৰ বৰফ আৰু হিমবাহ সম্পূৰ্ণ ধ্বংস হৈ পৰিব। হিমবাহবোৰ ধ্বংস হৈ যোৱাৰ ফলত নতুনকৈ শ শ হিমবাহ হ্ৰদ সৃষ্টি হৈছে। কেৱল নেপাল, ভূটান আৰু উত্তৰ ভাৰততে এনে ৪,০০০ তকৈও অধিক হ্ৰদ চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত বহু কেইখন হ্ৰদ অতি বিপদজনক অৱস্থাত আছিল বুলি ২০১৯চনতে সকিয়াই দিছিল বিজ্ঞানীসকলে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নেপালত হোৱা এই জলপ্ৰলয়ৰ আঁৰৰ কাৰণ আছিল এই হ্ৰদসমূহ। নেপালত ৩,০০০ তকৈও অধিক হিমবাহ হ্ৰদ আছে। যিবোৰৰ ভিতৰত ২১ খন হ্ৰদ অতি বিপজ্জনক অৱস্থাত আছিল। গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে এই হ্ৰদবোৰ বিস্ফোৰণ হোৱাৰ সম্ভাৱনা দিনক-দিনে বাঢ়ি গৈছিল। আৰু অৱশেষত সেয়াই হ’ল। নেপালত সৃষ্টি হোৱা এই বানপানী তিব্বত-নেপাল সীমান্তৰ পৰা তললৈ বৈ আহি ভাৰতৰ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ নদীসমূহতো হঠাতে বিপজ্জনক বানৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে নাছাইও পূৰ্বে এনে শংকাৰ কথা প্ৰকাশ কৰি সকিয়নী প্ৰদান কৰি থৈছিল। এইবাৰ তিব্বত সীমান্তৰ সমীপত হিমবাহ স্খলন বা হিমবাহৰ হ্ৰদ বিস্ফোৰণৰ ফলত নদীৰ পানীৰ স্তৰ মাত্ৰ ৩০ মিনিটৰ ভিতৰত ৯ মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছিল। আৰু এই প্ৰলয়ে ৰচুৱা, নুৱাকোট আৰু ধাডিং জিলা নিমিষতে ধ্বংস  কৰি পেলাইছে ।

 ৫০% বৃদ্ধি পাইছে হিমবাহ হ্ৰদসমূহৰ পানীৰ আয়তন 

১৯৯০ চনৰ পৰা ২০১৮ চনৰ ভিতৰত 'লেণ্ডচেট'  উপগ্ৰহৰ সহায়ত লাভ কৰা তথ্য বিশ্লেষণ কৰি নাছাই সদৰী কৰে যে সমগ্ৰ বিশ্বতে হিমবাহ হ্ৰদসমূহৰ পানীৰ আয়তন প্ৰায় ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত উচ্চ পাৰ্বত্য অঞ্চলৰ বৰফ ক্ষিপ্ৰতাৰে গলিবলৈ ধৰাত বৃহৎ পৰিমাণৰ পানী গোট খাই নতুন নতুন প্ৰাকৃতিক হ্ৰদৰ সৃষ্টি হৈছে আৰু পুৰণি হ্ৰদবোৰৰো আকাৰ বিপজ্জনকভাৱে সম্প্ৰসাৰিত হৈছে।

বিশেষকৈ হিন্দু কুশ-হিমালয় অঞ্চল আৰু নেপাল-তিব্বত সীমান্তৱৰ্তী পাৰ্বত্য এলেকা এনে হিমবাহ হ্ৰদ বিস্ফোৰণৰ আটাইতকৈ স্পৰ্শকাতৰ জন হিচাপে চিহ্নিত কৰিছিল নাছাই। নাছাৰ গৱেষণাত উন্মোচিত হৈছিল যে এই হ্ৰদবোৰ মাটি আৰু শিলৰ দুৰ্বল প্ৰাকৃতিক বান্ধেৰে আৱদ্ধ হৈ থকাৰ বাবে পানীৰ অতিৰিক্ত চাপে যিকোনো মুহূৰ্ততে প্ৰলয়ংকাৰী পৰিৱেশৰ সৃষ্টি কৰিব পাৰে।

ভয়ানক ভাৱে হিমালয়ত বৃদ্ধি পোৱা এই দুৰ্যোগৰ আঁৰৰ কাৰণ কি?

কাষৰীয়া অঞ্চলসমূহৰ ঔদ্যোগিক ধোঁৱা, ইন্ধন দহন আৰু দাবানলৰ পৰা উৰি অহা ছাই বা কলা এঙাৰ বৰফৰ ওপৰত পৰে। ই সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰাৰ সলনি শুহি লয়, যাৰ ফলত গৰম বাঢ়ি বৰফ অধিক দ্ৰুতগতিত গলে। বিজ্ঞানীসকলৰ মতে ভৈয়ামতকৈ পাহাৰৰ উচ্চ স্থানত গোলকীয় উষ্ণতা বৃদ্ধিৰ হাৰ ১.৫ ৰ পৰা ২ গুণ বেছি, যাৰ বাবে হিমালয়ৰ সৰ্বোচ্চ শিখৰসমূহো প্ৰভাৱিত হৈছে। আনহাতে, নেপালত প্ৰকৃতিৰ ৰুদ্ৰৰূপ সকলোৱে দেখিলে।  হিমালয়ৰ হিমবাহ বিস্ফোৰণ আৰু হিমবাহ গলনে সমগ্ৰ ভাৰতৰ লগতে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত ভয়াবহ পৰিৱেশীয় আৰু অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিব। অৰুণাচল প্ৰদেশ আৰু তিব্বত সীমান্তৰ হিমবাহ হ্ৰদবোৰ ভাঙি গ’লে ব্ৰহ্মপুত্ৰ, চিয়াং, সোৱণশিৰি আদি নদীত হঠাতে তীব্ৰ জলৰাশি নামি আহিব। 
বৰফ গলি এনেকৈয়ে হিমালয়ৰ পৰ্বতমালাৰ মাজত সৃষ্টি হৈছে বিশাল হ্ৰদৰ, ইয়াৰ ফলত অৰুণাচলৰ পাহাৰীয়া জিলাসমূহ আৰু অসমৰ সমভূমি অঞ্চলত মুহূৰ্তৰ ভিতৰতে ভয়াবহ বানপানীয়ে গাঁও-চহৰ প্লাবিত কৰিব। পানীৰ প্ৰচণ্ড সোঁত আৰু ইয়াৰ সৈতে বৈ অহা শিলাখণ্ডই উত্তৰ-পূবৰ পাহাৰীয়া ৰাস্তা-ঘাট, দলং আৰু পাহাৰৰ কাষৰ বসতিস্থলসমূহ সম্পূৰ্ণ ধ্বংস কৰি পেলাব। ঠিক নেপালৰ দৰেই।

 নিশ্চিহ্ন হ’ব নেকি কোটি কোটি টকাৰ জলবিদ্যুৎ প্ৰকল্প!

ছিকিমত ২০২৩ চনত 'লহনাক' হ্ৰদ বিস্ফোৰণৰ ফলত তিস্তা নদীয়ে চলোৱা তাণ্ডৱ আৰু 'তিস্তা-III' জলবিদ্যুৎ প্ৰকল্প ধ্বংস হোৱাটো ইয়াৰ এক স্পষ্ট উদাহৰণ।অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মাণ হৈ থকা বা প্ৰস্তাৱিত বহুকেইটা ডাঙৰ জলবিদ্যুৎ প্ৰকল্প হিমবাহ বিস্ফোৰণৰ পোনপটীয়া লক্ষ্য  হৈ পৰা পূৰ্ণ সম্ভৱনা আছে । বিশেষজ্ঞসকলৰ মতে প্ৰথম অৱস্থাত বানপানী বাঢ়িব যদিও, হিমবাহবোৰ গলি শেষ হৈ অহাৰ লগে লগে ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ পানীৰ প্রবাহ অনিয়মীয়া হৈ পৰিব। গতিকে সকলো সাৱধান আৰু সজাগ সচেতন হোৱাৰ সময় এয়া ।   
আমাৰ এই প্ৰতিবেদন আপোনাক ভীতিগ্ৰস্ত কৰাৰ বাবে নহয় আপোনাক সজাগ কৰিলৈ কৰা এক সমান্য প্ৰয়াস ।