আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস
Ruling and Opposition parties are already gearing up for the upcoming Nagaon Lok Sabha by-elections. The Congress is ready to defend its fort. নগাঁৱৰ ৰাজনৈতিক আকাশ এতিয়া উত্তপ্ত ৷ সমাগত নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধী দুয়ো পক্ষই এতিয়াৰে পৰা কঁকালত টঙালি বান্ধিছে। বিশেষকৈ নগাওঁ আসনখন পুনৰ উদ্ধাৰ কৰিবলৈ গেৰুৱা শিবিৰে ব্যাপক প্ৰস্তুতি চলোৱাৰ বিপৰীতে নিজৰ গড় ৰক্ষা কৰিবলৈ
নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন: চামগুৰিৰ ফৰ্মুলাৰে বিজেপিৰ কৌশল ৰচনা, বিপৰীতে জয়েৰে হেট্ৰিক কৰাৰ আশাত গৌৰৱ গগৈ
প্ৰাইম অসম, ডিজিটেল ডেস্ক, ১জুলাই’২৬: নগাঁৱৰ ৰাজনৈতিক আকাশ এতিয়া উত্তপ্ত ৷ সমাগত নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধী দুয়ো পক্ষই এতিয়াৰে পৰা কঁকালত টঙালি বান্ধিছে। বিশেষকৈ নগাওঁ আসনখন পুনৰ উদ্ধাৰ কৰিবলৈ গেৰুৱা শিবিৰে ব্যাপক প্ৰস্তুতি চলোৱাৰ বিপৰীতে নিজৰ গড় ৰক্ষা কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে কংগ্ৰেছ।
চামগুৰিৰ ফৰ্মুলাৰে বিজেপিৰ ৰণহুংকাৰ :
নগাঁৱৰ উপ-নিৰ্বাচনক লৈ শাসনাধিষ্ঠিত বিজেপিয়ে ইতিমধ্যে এক প্ৰকাৰ ৰণহুংকাৰ দিছে। দলীয় সূত্ৰৰ খবৰ অনুসৰি, এই যুদ্ধত জয়ী হ’বলৈ বিজেপিয়ে এক বিশেষ ৰোডমেপ সাজু কৰি তুলিছে। বিৰোধীক ভেদ কৰিবলৈ দলটোৱে ৰচনা কৰিছে এক অভেদ্য চক্ৰবেহু।
মন কৰিবলগীয়া যে, চামগুৰি বিধানসভাৰ সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে যি কৌশল প্ৰয়োগ কৰি সফলতা বুটলিছিল, সেই একেই 'চামগুৰি ফৰ্মুলা' এইবাৰ নগাওঁ লোকসভা উপ-নিৰ্বাচনতো গেৰুৱা বাহিনীয়ে প্ৰয়োগ কৰিব। তৃণমূল পৰ্যায়ৰ সংগঠনক সক্ৰিয় কৰা আৰু বিৰোধীৰ ভোটবেংকত বিভাজন কৰোৱাটোৱেই হ’ব বিজেপিৰ মূল লক্ষ্য।
'নগাঁৱত কংগ্ৰেছে হেট্ৰিক অৰ্জন কৰিব': গৌৰৱ গগৈ
আনহাতে, বিজেপিৰ এই আক্ৰমণাত্মক ৰণকৌশলক তিলমাত্ৰও গুৰুত্ব দিবলৈ মান্তি নহয় কংগ্ৰেছ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপিৰ কৌশলক প্ৰত্যাহ্বান জনাই এক ডাঙৰ দাবী উত্থাপন কৰিছে। গৌৰৱ গগৈৰ মতে, ২০১৯ আৰু ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত নগাঁৱৰ ৰাইজে যিদৰে কংগ্ৰেছক আকোৱালি লৈছিল, এই উপ-নিৰ্বাচনতো তাৰ কোনো ব্যতিক্ৰম নহয়। তেওঁ আত্মবিশ্বাসৰে কয় যে, বিগত দুটা নিৰ্বাচনৰ দৰেই এইবাৰো নগাঁৱত কংগ্ৰেছ দলেই বিজয় সাব্যস্ত কৰিব আৰু জয়েৰে হেট্ৰিক অৰ্জন কৰিব।
এতিয়া লক্ষণীয় হ’ব, নগাঁৱৰ জনতাই বিজেপিৰ আদৰি লয় নে গৌৰৱ গগৈৰ হেট্ৰিকৰ দাবীক সঁচা প্ৰমাণিত কৰে।
কাৰ্গিলৰ অমৰ নায়ক কেপ্টেইন জিণ্টু গগৈ অমৰ নায়ক কেপ্টেইন জিণ্টু গগৈ
অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (CID) ৰাজ্যৰ জলসম্পদ বিভাগত (Water Resources Department) চাকৰি দিয়াৰ প্ৰলোভনেৰে নিবনুৱা যুৱক-যুৱতীক প্ৰতাৰণা কৰা এটা বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে।