নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?
নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?কিয় মানুহে তাৰ পূজা আৰম্ভ কৰিছে? তাৰো আছে এক ইতিহাস।
প্রকৃতিৰ ৰুদ্ৰৰূপ! নেপালত ভয়াৱহ জলপ্ৰলয়, তছনছ জনজীৱন!
৩০ মিনিটতেই নেপালৰ ৰচুৱা, নুৱাকোট আৰু ধাডিং জিলাৰ বুকুলৈ নামি আহিল ত্ৰাস। তিব্বত সীমান্তৰ সমীপত হিমবাহ স্খলন আৰু হিমবাহৰ হ্ৰদ বিস্ফোৰণৰ (GLOF) ফলত নদীৰ পানীৰ স্তৰ হঠাতে ৯ মিটাৰ পৰ্যন্ত বৃদ্ধি পালে। ক্ৰোধিত ল্হেণ্ডে আৰু ভোটেকোশী নদীৰ ধলে নিমিষতে তছনছ কৰি পেলালে জনবসতি, পথ-দলং আৰু বৃহৎ জলবিদ্যুৎ প্ৰকল্প।

কিন্তু কিয় ঘটিল এই প্ৰলয়ংকৰী দুৰ্যোগ?
বিজ্ঞানীসকলৰ মতে, হিমালয়ৰ প্ৰায় ১৭ হাজাৰ ফুট উচ্চতাৰ পৰা ২,০০০ ফুট বহল এটা বিশাল হিমবাহ বিচ্ছিন্ন হৈ ৪ হাজাৰ ফুট তলৰ উপত্যকাত প্ৰচণ্ড বেগেৰে খহি পৰে। ইয়াৰ ফলত বৰফ, পানী, শিল আৰু বোকাৰ এক ভয়ংকৰ ধলৰ সৃষ্টি হয়। পহিলাতেই ল্হেণ্ডে খোলা নদীৰ গতিপথ বন্ধ হৈ এক অস্থায়ী প্ৰাকৃতিক বান্ধৰ সৃষ্টি হৈছিল, আৰু পৰৱৰ্তী সময়ত সেই বান্ধ ভাঙি তীব্ৰ বেগেৰে পানী নামি আহে ভোটেকোশী নদীলৈ। একে সময়তে সৃষ্টি হোৱা ৪.৪ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিয়ে এই স্খলনত ইন্ধন যোগাইছিল নেকি, তাক লৈও এতিয়া পৰীক্ষা চলাইছে বিশেষজ্ঞসকলে
আটাইটকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ল্হেণ্ডে–ভোটেকোশী কৰিড’ৰত মাত্ৰ ১৪ মাহৰ ভিতৰতে এয়া দ্বিতীয়টো এনে ঘটনা। ২০২৫ চনতো আহিছিল এনে এক মহাপ্লাৱন, য’ত ৯ গৰাকী লোকৰ মৃত্যু আৰু ১৯ গৰাকী সন্ধানহীন হৈছিল। কিন্তু তাৰ পাছতো লোৱা নহ’ল কোনো পূৰ্বসজাগতা বা স্থায়ী পদক্ষেপ। যাৰ ফলত আজি সমগ্ৰ নেপালে ভুগিবলগীয়া হ'ল এই অৱৰ্ণনীয় যান্ত্ৰণা।
বৰ্তমান সময়লৈ চৰকাৰী তথ্য অনুসৰি ১৬২ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ৮০০শ লোক সন্ধানহীন হৈ আছে । ইয়াৰ ভিতৰত ৩০০ৰো অধিক ভাৰতীয় নাগৰিকো আছে এক তথ্যত প্ৰকাশ পাইছে। কিন্তু স্থানীয় ৰাইজৰ দাবী অনুযায়ী প্ৰকৃত সংহাৰৰ তথ্য চৰকাৰী হিচাপতকৈয়ো ভয়াবহ! বেচৰকাৰী তথ্যৰ মতে সন্ধানহীনৰ সংখ্যা ১৫ হাজাৰৰো অধিক নেপালৰ এই সংকটৰ সময়ত কাষত থিয় দিছে ভাৰত।
পৰিস্থিতিৰ ভয়াবহতালৈ চাই নেপাল সেনা আৰু সশস্ত্ৰ আৰক্ষী বাহিনীয়ে হেলিকপ্টাৰ আৰু ড্ৰোনৰ সহায়ত যুদ্ধকালীন ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলাই আছে। নেপালৰ এই সংকটৰ সময়ত কাষত থিয় দিছে ভাৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী বালেন শ্বাহৰ সৈতে ফোনত বাৰ্তালাপ কৰি সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি দিছে। ভাৰতীয় বায়ুসেলাই C-130J বিমানেৰে ১০ টন প্ৰাথমিক জৰুৰী খাদ্য, তম্বু আৰু ঔষধ প্ৰেৰণ কৰিছে।আনহাতে ভাৰতীয় দূতাবাস, কাঠমাণ্ডুৰ পৰা জৰুৰী সহায়ক নম্বৰ ঘোষণা কৰিছে। +977 985 131 6807/ +977 970 910 7500
উল্লেখযোগ্য যে জলবায়ু পৰিৱৰ্তনৰ ফলত দ্ৰুতগতিত উষ্ণ হৈ অহা হিমালয়ৰ অস্থিৰতাই ভৱিষ্যতে এনে আকস্মিক বান আৰু অধিক ভয়াৱহ কৰাৰ সতৰ্কবাণী দিছে জলবায়ু বিশেষজ্ঞসকলে। প্ৰকৃতিৰ এই প্ৰহাৰ আৰু প্ৰশাসনৰ আওকানৰ মাজত আবদ্ধ এতিয়া নেপালৰ হাজাৰ হাজাৰ অসহায় চকু।
নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?কিয় মানুহে তাৰ পূজা আৰম্ভ কৰিছে? তাৰো আছে এক ইতিহাস।
ভূটান আৰু উত্তৰ-পূবৰ মূৰৰ ওপৰত ওলমিছে ভয়ংকৰ বিপদ: নিমিষতে নিশেষ হ’ব পাৰে সমগ্ৰ জনজীৱন!
প্ৰেমিকাক ১.৫ লাখ টকীয়া আইফোন উপহাৰ দিবলৈ নিজৰ ঘৰতেই ৫০ লাখ টকা চুৰি! আটক যোৰহাটৰ 'লেডিলাভ' প্ৰেমিক যশ আগৰৱালা