নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?
নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?কিয় মানুহে তাৰ পূজা আৰম্ভ কৰিছে? তাৰো আছে এক ইতিহাস।
১০মিনিটত ঘটনাস্থলীত উপস্থিত নহ'লে ভৰিব লাগিব ১০,০০০ টকা জৰিমণা GPS ব্যৱস্থাত খেলিমেলি হ’লে দৈনিক ২,৫০০ টকাৰ জৰিমনা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ডাঙৰ সিদ্ধান্ত!
এম্বুলেন্সৰ বাবে আহিল কঠোৰ নিয়ম!

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাজহুৱা কৰা নতুন চৰ্ত অনুসৰি: প্ৰথম ডাঙৰ নিয়মটো হ'ল - টোল প্লাজাৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো দুৰ্ঘটনা সংঘটিত হ’লে, খবৰ পোৱাৰ মাত্ৰ ১০ মিনিটৰ ভিতৰত ঘটনাস্থলীত এম্বুলেন্স উপস্থিত হ’বই লাগিব। এই সময়সীমা উলংঘা কৰিলে এম্বুলেন্স কৰ্তৃপক্ষই ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমণা। আনহাতে ঘোষণা কৰা দ্বিতীয়টো ডাঙৰ নিয়ম হ'ল দুৰ্ঘটনাগ্ৰস্ত বা সংকটজনক ৰোগীক ১ ঘণ্টাৰ ভিতৰত নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱাটো বাধ্যতামূলক। এই 'গল্ডেন আৱাৰ' (Golden Hour) সময়সীমা পাৰ হ’লেও বিহা হ’ব ১০,০০০ টকাৰ জৰিমনা। অৱশ্যে, হাস্পতালৰ দূৰত্ব ১০ কিলোমিটাৰতকৈ বেছি হ’লে পৰিস্থিতি অনুসৰি কিছু ৰেহাই পাব পাৰে। ইয়াৰ উপৰিও ঘোষণা কৰা তৃতীয়টো ডাঙৰ নিয়ম হ'ল : কোনো এম্বুলেন্সে যাতে মিছা তথ্য দি সাৰি যাব নোৱাৰে, তাৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ প্ৰযুক্তি। এতিয়াৰে পৰা প্ৰতিখন এম্বুলেন্সত AIS-140 প্ৰযুক্তিৰ জি পি এছ (GPS) থকাটো বাধ্যতামূলক। GPS ডাটা আৰু IMS কেয়াৰৰ জৰিয়তে এম্বুলেন্সৰ গতিবিধি চৰকাৰে পোনপটীয়াকৈ পৰ্যবেক্ষণ কৰি থাকিব । উল্লেখযোগ্য যে ঘোষণা কৰা নিয়মৰ ভিতৰত গুৰুত্বপূৰ্ণ চতুৰ্থটো ডাঙৰ নিয়ম হ'ল : যদি নিয়ম উলংঘা হয় বা ড্যাশব’ৰ্ডত এম্বুলেন্সৰ স্থান (Location) দেখা পোৱা নাযায়, তেন্তে প্ৰতিদিনে ২,৫০০ টকাকৈ জৰিমনা ভৰিব লাগিব।
ৰোগীৰ জীৱনক লৈ যাতে কোনো ধৰণৰ অৱহেলা বা গাফিলতি নহয়, তাৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গ্ৰহণ কৰিছে এই ঐতিহাসিক আৰু কঠোৰ পদক্ষেপ।
নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?কিয় মানুহে তাৰ পূজা আৰম্ভ কৰিছে? তাৰো আছে এক ইতিহাস।
ভূটান আৰু উত্তৰ-পূবৰ মূৰৰ ওপৰত ওলমিছে ভয়ংকৰ বিপদ: নিমিষতে নিশেষ হ’ব পাৰে সমগ্ৰ জনজীৱন!
প্রকৃতিৰ ৰুদ্ৰৰূপ! নেপালত ভয়াৱহ জলপ্ৰলয়, তছনছ জনজীৱন!