তীব্ৰ ৰাজনৈতিক অস্থিরতা আৰু অৰাজকতাৰ মাজতে আজি বাংলাদেশত অনুষ্ঠিত হৈছে ২০২৬ বৰ্ষৰ বহু প্ৰত্যাশিত সাধাৰণ নিৰ্বাচন। পুৱা চাৰে ৭ বজাৰ পৰা দেশখনৰ ৪২,৭৭৯ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই নিৰ্বাচনত প্ৰায় ১২ কোটি ৭৭ লাখ ৫৯৭ গৰাকী ভোটাৰে আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি দেশৰ ভৱিষ্যত নিৰ্ণয় কৰিব। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে ভোটকেন্দ্ৰৰ ৪০০ গজ ব্যাসাৰ্ধৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। কাইলৈ অৰ্থাৎ শুকুৰবাৰৰ ভিতৰতে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
নিৰ্বাচনৰ এই ব্যস্ততাৰ মাজতে দেশখনৰ মুন্সিগঞ্জত ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত বোমা বিস্ফোৰণ হোৱাৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই বিস্ফোৰণৰ পাছতে ভোটাৰসকলৰ মাজত তীব্ৰ আতংক বিয়পি পৰে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তা বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। যদিও এই বোমা বিস্ফোৰণত এতিয়ালৈকে কোনো লোকৰ প্ৰাণহানি হোৱা নাই, তথাপিও সম্ভাব্য হিংসা ৰোধ কৰিবলৈ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।
আনহাতে, অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ড° মহম্মদ ইউনুছে আজি পুৱাই নিজৰ ভোটদান সম্পন্ন কৰি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে এই নিৰ্বাচন বাংলাদেশৰ গণতন্ত্ৰৰ বাবে এক নতুন পৰীক্ষা। শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ তেওঁ দেশবাসীক আহ্বান জনোৱাৰ লগতে নিকা আৰু নিৰপেক্ষ নিৰ্বাচনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিয়লি ৪:৩০ বজালৈ ভোটগ্ৰহণ চলিব আৰু নিৰাপত্তা বাহিনীয়ে সমগ্ৰ দেশতে তীব্ৰ নিৰীক্ষণ অব্যাহত ৰাখিছে।