ধৰিত্ৰী মাতৃৰ উৰ্বৰতা আৰু সৃষ্টিৰ প্ৰতীক পবিত্ৰ অম্বুবাচী মেলা। প্ৰতিবছৰে আহাৰ মাহৰ এই বিশেষ সময়ছোৱাত নীলাচল পাহাৰত অৱস্থিত ঐতিহাসিক শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা ধামত অনুষ্ঠিত হয় উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ আধ্যাত্মিক সমাৱেশ। কেৱল ধৰ্মীয় পৰম্পৰাই নহয়, বৰং অসমৰ পৰ্যটন আৰু বাৰেৰহণীয়া সংস্কৃতিৰো এক বিশাল বাৰ্তা বহন কৰে এই অম্বুবাচী মেলাই।
অম্বুবাচীত ধৰ্মীয় পৰম্পৰা আৰু আধ্যাত্মিকতা: পৌৰাণিক বিশ্বাস অনুসৰি, এই তিনিদিন ধৰিত্ৰী মাতৃ ঋতুমতী হয়। যাৰ বাবে কামাখ্যা ধামৰ গৰ্ভগৃহৰ দুৱাৰ বন্ধ ৰখা হয় আৰু এই সময়ছোৱাত কোনো ধৰণৰ মাংগলিক কাৰ্য বা কৃষি কৰ্ম কৰা নহয়। চতুৰ্থ দিনা মাক স্নান কৰোৱাই দুৱাৰ মুকলি কৰাৰ পিছতেই আৰম্ভ হয় দৰ্শন। এই দৰ্শনত ভাগ লয় দেশ-বিদেশৰ লাখ লাখ ভক্ত, সাধু, তান্ত্ৰিক আৰু পৰ্যটকে ।
অম্বুবাচী মেলা সংস্কৃতি আৰু পৰ্যটনৰ মহাসংগম: অম্বুবাচী মেলা এতিয়া কেৱল এটা ধৰ্মীয় উৎসৱতেই সীমাবদ্ধ হৈ থকা নাই। ই অসমৰ পৰ্যটন উদ্যোগৰ বাবে এক সোণালী সুযোগ। অসম চৰকাৰ আৰু পৰ্যটন বিভাগৰ বিশেষ তৎপৰতাত এই মেলাই এক আন্তঃৰাষ্ট্ৰীয় মাত্ৰা লাভ কৰিছে। মেলাৰ দিনকেইটাত কামাখ্যা ধামৰ কাষৰীয়া অঞ্চলসমূহত অসমৰ লোকসংস্কৃতি, ভজন-কীৰ্তন আৰু আধ্যাত্মিক কাৰ্যসূচীয়ে এক অনন্য সাংস্কৃতিক বাৰ্তা কঢ়িয়াই আনে। অসমীয়া আতিথ্য আৰু সংস্কৃতিৰ সুবাস বুকুত বান্ধি উভতি যায় বহিঃৰাজ্যৰ লাখ লাখ পৰ্যটক ।
অৰ্থনীতি আৰু স্থানীয় লোকৰ জীৱন-জীৱিকা: সাংস্কৃতিক আদান-প্ৰদানৰ লগতে অসমৰ অৰ্থনীতি আৰু থলুৱা ব্যৱসায়কো এই মেলাই এক বৃহৎ গতি প্ৰদান কৰে। হস্তশিল্প, থলুৱা বস্ত্ৰ, বাঁহ-বেতৰ সামগ্ৰীৰ পৰা আৰম্ভ কৰি হোটেল-পৰিবহন সেৱালৈকে— সকলোতে এক নতুন জোৱাৰ আনিছে এই অম্বুবাচী মেলাই।
উল্লেখযোগ্য যে ধৰিত্ৰী জননীৰ পবিত্ৰতা ৰক্ষা কৰা আৰু বিশ্ব শান্তিৰ কামনাৰে উদযাপিত হোৱা এই অম্বুবাচী মেলা কেৱল এক পৰম্পৰাই নহয়, ই হৈছে অসমৰ ঐক্য, সমন্বয় আৰু ভক্তিৰ এক অনন্য প্ৰতিচ্ছবি।
সৃষ্টিৰ এই মহোৎসৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু শান্তি কঢ়িয়াই আনক ।