Breaking News: New scheme launched! Dashboard updated! Performance report available! Thank you for your support!
  • Thu, Jul 2026

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

আজি ১ জুলাই। সমগ্ৰ দেশৰ লগতে অসমতো আজি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। মানৱ সেৱাৰ আন এক নাম হৈছে চিকিৎসক। ভগৱানৰ দ্বিতীয় ৰূপ বুলি গণ্য কৰা এইসকল বগা কোট পৰিহিত যোদ্ধাক আজিৰ দিনটোত সমগ্ৰ দেশে জনাইছে গভীৰ কৃতজ্ঞতা। 
​প্ৰতি বছৰৰ দৰে এইবাৰো এক বিশেষ বাৰ্তাৰে এই দিৱস পালন কৰা হৈছে। ২০২৬ বৰ্ষৰ এই দিৱসৰ মূল বিষয়বস্তু বা থিম হৈছে— "মাস্কৰ আঁৰত: চিকিৎসকসকলক কোনে সুস্থ কৰিব?"। দিন-ৰাতি একাকাৰ কৰি আমাক সুস্থ কৰি ৰখা চিকিৎসকসকলৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখাটো যে আমাৰ সমাজৰে দায়িত্ব, তাকেই সোঁৱৰাই দিছে এইবাৰৰ বিষয়বস্তুৱে। 

 মহান চিকিৎসক, স্বাধীনতা সংগ্ৰামী তথা পশ্চিমবংগৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী (মুখ্যমন্ত্ৰী) ড° বিধান চন্দ্ৰ ৰয়ৰ পবিত্ৰ জন্ম আৰু মৃত্যু বাৰ্ষিকী। ১৯৯১ চনৰ পৰা তেখেতৰ সোঁৱৰণতে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে সমগ্ৰ দেশত আৰম্ভ কৰিছিল এই দিৱসৰ উদযাপন। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনন্য অৱদানৰ বাবে ১৯৬১ চনত তেখেতক 'ভাৰত ৰত্ন' সন্মানেৰেও বিভূষিত কৰা হৈছিল। 

দ্বিতীয় ভগৱানৰ ৰূপত মানৱ সেৱাত চিকিৎসকVoice Over 2: মহামাৰীৰ সংকটকালৰ পৰা আৰম্ভ কৰি সাধাৰণ দিনবোৰলৈকে— নিজৰ সুখ-আৰাম, পৰিয়াল সকলো ত্যাগ কৰি চিকিৎসালয়ৰ চাৰিবেৰৰ মাজত ব্যস্ত থাকে আমাৰ চিকিৎসকসকল। শেহতীয়া চৰকাৰী তথ্য অনুসৰি, ভাৰতত চিকিৎসক আৰু জনসংখ্যাৰ অনুপাত বৰ্তমান ১:৮১১ হৈছে, যি বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) নিৰ্ধাৰিত মানদণ্ডতকৈও উন্নত। কিন্তু এই বৃহৎ সফলতাৰ আঁৰত থকা চিকিৎসকসকলৰ প্ৰত্যাহ্বানো কম নহয়। দীৰ্ঘসময়ৰ কৰ্তব্য, মানসিক চাপ আৰু সমাজৰ একাংশ লোকৰ আক্ৰোশত ভূগিবলগীয়া হয় এইসকল জীৱনদাতাই। 
 
 আজিৰ এই বিশেষ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয় আৰু চিকিৎসা প্ৰতিষ্ঠানসমূহত বিভিন্ন সজাগতা সভা, বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু জ্যেষ্ঠ চিকিৎসকসকলক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। কেৱল এটা দিনৰে নহয়, বছৰৰ প্ৰতিটো দিনেই আমাৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থকা এইসকল মহান সেৱকক আমাৰ তৰফৰ পৰাও যাচিলোঁ বহুত বহুত শুভেচ্ছা।