Breaking News: New scheme launched! Dashboard updated! Performance report available! Thank you for your support!
  • Thu, Jul 2026

আজি নিশা হ'ব এমবাপে বনাম হালাণ্ডৰ মাজত এখন ডাঙৰ ফুটবলৰ মহাৰণ

আজি নিশা হ'ব এমবাপে বনাম হালাণ্ডৰ মাজত এখন ডাঙৰ ফুটবলৰ মহাৰণ

আজি নিশা হ'ব এমবাপে বনাম হালাণ্ডৰ মাজত এখন ডাঙৰ ফুটবলৰ মহাৰণ

আজি নিশা হ'ব এমবাপে বনাম হালাণ্ডৰ মাজত এখন ডাঙৰ ফুটবলৰ মহাৰণ                                                                        
                    
আৰ্লিং হালাণ্ড বনাম কিলিয়ান এমবাপে। দুয়ো তৰুণ মহাতাৰকা ।বিশ্বৰ ফুটবল অনুৰাগীৰ বাবে দৃষ্টি নিৱদ্ধ দুয়োগৰাকী ফুটবল শিল্পী,নৰৱেৰ হালাণ্ড আৰু ফ্ৰান্সৰ এমবাপে দুয়ো তাৰকাৰ খেল চাবলৈ ফুটবল অনুৰাগী উদগ্ৰীৱ । আজি নিশা ১২-৩০ বজাত অনুষ্ঠিত হ'ব ফ্ৰান্স বনাম নৰৱেৰ মাজত হাই প্ৰফাইল মেচখন । ২৮ বছৰৰ মুৰত হালাণ্ডৰ জোৰত নৰৱে এইবাৰৰ বিশ্বকাপত স্থান লাভ কৰিছে । বিপৰীতে ফ্ৰান্সৰ কথা বেলেগ, কিয়নো বহু বাৰ বিশ্বকাপত বীৰৰ দৰে খেল প্ৰদৰ্শন কৰি আহিছে । এইবাৰৰ বিশ্বকাপত মেছিৰ পিছতে সৰ্বাধিক ১৬ টাকৈ গল দি এমবাপে গ'ল্ডেন বুটৰ দৌৰত আছে । দুৰন্ত ফৰ্মত থকা এমবাপেৰ নিজৰ ১০০ সংখ্যক আন্তৰ্জাতিক মেচত জাৰ্মানীৰ মিৰ'শ্লাভ ক্ল'জৰ ১৬ সংখ্যক গলৰ ৰেকৰ্ড স্পৰ্শ কৰি থৈছে । ইৰাক আৰু চেনেগালৰ বিপক্ষে তেওঁ দুৰ্দান্ত পাৰফৰ্মেন্সৰ জড়িয়তে নিজৰ গলৰ সংখ্যা বঢ়াই তুলিবলৈ সক্ষম হৈছে । আৰ্জেণ্টিনাৰ লায়নেল মেছিৰ পিছতে ইতিমধ্যে স্থান লৈছে এমবাপে । ফ্ৰান্সৰ দুধৰ্ষ ফৰোৱাৰ্ড হিচাপে দলক জয়ৰ বাট দেখুৱাব পৰা এগৰাকী ফুটবল যোদ্ধা হৈছে এমবাপে যাৰ ওপৰত এশ শতাংশ নিৰ্ভৰ দলটোৱে, আনহাতে নৰৱেৰ দুৰ্দান্ত ফৰ্মত থকা ২৬ বৰ্ষীয় আৰ্লিং হালাণ্ড এইবাৰৰ বিশ্বকাপত বিপজ্জনক খেলুৱৈ হিচাপে গণ্য বুলি ফুটবল বিশেষজ্ঞ সকলৰ ধাৰনা । ধাৰনা সম্পূৰ্ণ নিৰ্ভুল বুলিব পাৰি অসাধাৰণ ছন্দ, অসাধাৰণ শক্তি, অসাধাৰণ শৈলী আদি সকলো গুণেই আছে হালাণ্ডৰ । লক্ষ্যনীয় ভাৱে হালাণ্ড এইবাৰৰ বিশ্বকাপত গ'ল্ডেন বুটৰ প্ৰৱল দাবীদাৰ হিচাপে প্ৰতিপন্ন হৈছে । সেনেগালৰ বিপক্ষে দুটাকৈ গলেৰে দলক উন্নীত কৰাৰ লগতে নিজৰ দুৰ্দান্ত ছন্দ প্ৰমাণিত কৰিছে হালাণ্ডে । গলৰ ক্ষুধাত ভয়ংকৰ ৰূপ ধাৰণ কৰা হালাণ্ডৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল নৰৱে অকল নিজৰ গল দিয়াৰ ক্ষুধা নিবাৰণৰ বাবেই নহয় নিজ দল নৰৱেক নক আউট - ৩২'ৰ পৰা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লক্ষ্য বান্ধি লৈছে হালাণ্ডে । সেই হেতুকে আজি নিশা অনুষ্ঠিতব্য মেচত নৰৱে দেশখনে হালাণ্ডৰ ওপৰত মেচ জিকাৰ সম্পূৰ্ণ নিৰ্ভৰ কৰিছে । বিপৰীতে ফ্ৰান্সেও এমবাপেৰ ওপৰত এশ শতাংশ নিৰ্ভৰ কৰিছে এমবাপেৰ ওপৰত । কাজেই এমবাপে বনাম হালাণ্ডৰ মাজত আজি অনুষ্ঠিত হ'ব বিশ্বকাপৰ এখন ডাঙৰ মহাৰণ । ফ্ৰান্স জয়ী হ'ব নে ? নে নৰৱে জয়ী হ'ব ? এমবাপে নে ? নে হালাণ্ড ?