লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
প্ৰেমিকাক ১.৫ লাখ টকীয়া আইফোন উপহাৰ দিবলৈ নিজৰ ঘৰতেই ৫০ লাখ টকা চুৰি! আটক যোৰহাটৰ 'লেডিলাভ' প্ৰেমিক যশ আগৰৱালা
যোৰহাট, ২৫ আগষ্ট: প্ৰেমত অন্ধ হৈ এক অবিশ্বাস্য কাণ্ড সংঘটিত কৰিলে যোৰহাটৰ এজন যুৱকে। প্ৰেমিকাক ডেৰ লাখ টকীয়া দামী 'আইফোন' উপহাৰ দিয়াৰ হেঁপাহ পূৰণ কৰিবলৈ গৈ নিজৰে বাসগৃহৰ পৰা লুটি নিলে নগদ ধন সহ প্ৰায় ৫০ লাখ টকাৰ মূল্যৱান সোণ-ৰূপৰ অলংকাৰ। এই চাঞ্চল্যকৰ চুৰিকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড যশ আগৰৱালাক অৱশেষত যোৰহাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।

ঘটনাৰ বিবৰণী অনুসৰি, যোৰহাটৰ নিজ বাসগৃহৰ পৰাই ৫০ লাখ টকাৰ অলংকাৰ অন্তৰ্ধান হোৱাৰ পিছতে সৃষ্টি হৈছিল তীব্র চাঞ্চল্যৰ। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহে যে ঘটনাৰ মূল নায়ক আন কোনো নহয়, পৰিয়ালৰেই সন্তান যশ আগৰৱালা। প্ৰেমিকাক সুখী কৰিবলৈ আৰু বিলাসী উপহাৰ দিবলৈকে যশে এই অনাকাংক্ষিত সিদ্ধান্ত লৈছিল।
বৰ্তমান যশ আগৰৱালা আৰক্ষীৰ জালত পৰিল যদিও এই সমগ্ৰ চুৰিকাণ্ডৰ সৈতে জড়িত অন্য দুই অভিযুক্ত জিতেন্দ্ৰ চোমানি আৰু ৰোহিত প্ৰসাদ বৰ্তমানো পলাতক হৈ আছে। আৰক্ষীয়ে দুয়োৰে সন্ধানত অভিযান অব্যাহত ৰখাৰ সময়তে, আচৰিত ধৰণে দুয়ো অভিযুক্তই সামাজিক মাধ্যমৰ জৰিয়তে নিজকে 'সম্পূৰ্ণ নিৰ্দোষী' বুলি দাবী কৰি বাৰ্তা প্ৰেৰণ কৰিছে।
বৰ্তমান যোৰহাট আৰক্ষীয়ে ধৃত যশ আগৰৱালাক সোধ-পোছ অব্যাহত ৰাখিছে আৰু পলাতক জিতেন্দ্ৰ তথা ৰোহিতক জালত পেলাবলৈ জাল প্ৰসাৰিত কৰিছে। এতিয়া প্ৰশ্ন হৈছে, সামাজিক মাধ্যমত লাইভ আহি নিৰ্দোষীতা প্ৰমাণ কৰিব বিচৰা এই দুই সহযোগীয়ে কেতিয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব?
লাভ জে*হাদৰ ঘটনাই পুনৰ এবাৰ জোঁকাৰি গ'ল সমগ্ৰ ৰাজ্য
ভোটাধিকাৰ সুৰক্ষা আৰু নিৰ্বাচন আয়োগৰ স্বচ্ছতাৰ দাবীত 'নাগৰিক উদ্যোগ'ৰ সংবাদ মেল: SIR বাতিল আৰু মুখ্য নিৰ্বাচনী আয়ুক্তৰ জবাবদিহিতাৰ আহ্বান
অসম ভূমি ৰাজহ আইন ২০২৬ৰ নতুন সংজ্ঞাক লৈ প্ৰব্ৰজন বিৰোধী মঞ্চৰ তীব্ৰ বিৰোধিতা , প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ বিশেষ পত্ৰ প্ৰেৰণ প্ৰব্ৰজন বিৰোধী মঞ্চৰ