Breaking News: New scheme launched! Dashboard updated! Performance report available! Thank you for your support!
  • Thu, Jul 2026

অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক কঁপোৱাৰ ভয়াৱহ ব্লুপ্ৰিণ্ট! ধৰা পৰিল জেএমবি (JMB)ৰ নতুন ৰূপ ‘ইমাম মাহমুদৰ কাফিলা’ (IMK)

অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক কঁপোৱাৰ ভয়াৱহ ব্লুপ্ৰিণ্ট! ধৰা পৰিল জেএমবি (JMB)ৰ নতুন ৰূপ ‘ইমাম মাহমুদৰ কাফিলা’ (IMK)

এক ভয়াৱহ তথা চাঞ্চল্যকৰ ব্লুপ্ৰিণ্ট ফাদিল কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ই। বাংলাদেশৰ কুখ্যাত তথা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন 'জামাত-উল-মুজাহিদীন বাংলাদেশ' (JMB)ৰ এক নতুন শাখা ‘ইমাম মাহমুদৰ কাফিলা’ (IMK)ৰ এক বৃহৎ ষড়যন্ত্ৰ ওফৰাই দি সংস্থাই আজি ১১ জন অভিযুক্তৰ বিৰুদ্ধে গুৱাহাটীস্থিত বিশেষ এনআইএ আদালতত অভিযোগনামা (Chargesheet) দাখিল কৰিছে।

ডিজিটেল ডেস্ক, প্ৰাইম অসম, ২৬ জুন:

         অসম সহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগত সন্ত্ৰাসবাদৰ জাল সম্প্ৰসাৰণৰ এক ভয়াৱহ তথা চাঞ্চল্যকৰ ব্লুপ্ৰিণ্ট ফাদিল কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ই। বাংলাদেশৰ কুখ্যাত তথা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন 'জামাত-উল-মুজাহিদীন বাংলাদেশ' (JMB)ৰ এক নতুন শাখা ‘ইমাম মাহমুদৰ কাফিলা’ (IMK)ৰ এক বৃহৎ ষড়যন্ত্ৰ ওফৰাই দি সংস্থাই আজি ১১ জন অভিযুক্তৰ বিৰুদ্ধে গুৱাহাটীস্থিত বিশেষ এনআইএ আদালতত অভিযোগনামা (Chargesheet) দাখিল কৰিছে।

ভাৰতীয় ন্যায় সংহিতা (BNS), ২০২৩ আৰু সন্ত্ৰাসবাদ বিৰোধী আইন UA(P) Act, ১৯৬৭-ৰ কেইবাটাও গুৰুতৰ ধাৰাৰ অধীনত এই অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ তৰা হৈছে।

অসম আৰু ত্ৰিপুৰা আছিল মূল টাৰ্গেট :

     এনআইএ-ৰ তদন্তত প্ৰকাশ পাইছে যে ভাৰতৰ মাটিত, বিশেষকৈ অসম, ত্ৰিপুৰা আৰু পশ্চিম বংগত জেএমবিৰ উগ্ৰপন্থী মতাদৰ্শ বিয়পাই দিয়াৰ বাবে সংগঠনটোৰ জ্যেষ্ঠ নেতা ইমাম মাহমুদ হাবিবুল্লাহে গোপনে ‘ইমাম মাহমুদৰ কাফিলা’ (IMK) নামৰ এই নতুন আত্মঘাতী গোটটো গঠন কৰিছিল। 

ইয়াৰ মূল উদ্দেশ্য আছিল:

* অঞ্চলটোৰ সহজ-সৰল যুৱক-যুৱতীসকলক ধৰ্মীয় গোড়ামিৰে উন্মাদনা (Radicalization) কৰি উগ্ৰপন্থাৰ পিনে ঠেলি দিয়া।
* ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে অসম আৰু ত্ৰিপুৰাত গোপন ঘাটি স্থাপন কৰা।
* সংগঠনটোৰ নেটৱৰ্ক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ সম্প্ৰসাৰিত কৰা 

অসম আৰু ত্ৰিপুৰাৰ দুই মাষ্টাৰমাইণ্ড চিনাক্ত :

     এই সমগ্ৰ নেটৱৰ্কটো পৰিচালনা কৰাৰ আঁৰত থকা দুজন মূল মাষ্টাৰমাইণ্ডক এনআইএ-ই ইতিমধ্যে চিনাক্ত কৰিছে। ইয়াৰে নাছিমুদ্দিন নামৰ অভিযুক্তজনে অসমত ‘ইমাম মাহমুদৰ কাফিলা’ৰ সমগ্ৰ কাম-কাজ আৰু কূটাঘাতমূলক পৰিকল্পনাৰ নেতৃত্ব দিছিল। আনহাতে, জাগিৰ মীঞা নামৰ আন এজন অভিযুক্তই ত্ৰিপুৰাত এই সন্ত্ৰাসবাদী সংগঠনটোৰ নেটৱৰ্ক চলাই আছিল।

ডিজিটেল মাধ্যম আৰু ছ’চিয়েল মিডিয়াত চলিছিল অপপ্ৰচাৰ : 

     চাৰ্জশ্বীটত উল্লেখ কৰা অনুসৰি, এই ১১ জন অভিযুক্তই দীৰ্ঘদিন ধৰি ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে বিভিন্ন গোপন বৈঠক, ধৰ্মীয় মৌলবাদী শিক্ষাৰ কাৰ্যসূচী আৰু উগ্ৰপন্থী সাহিত্য বিতৰণ কৰি আহিছিল। কেৱল এয়াই নহয়, যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ তেওঁলোকে বিভিন্ন ডিজিটেল প্লেটফৰ্ম আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক হাৰত দেশবিৰোধী অপপ্ৰচাৰ চলাই আছিল।

তদন্তৰ সময়ত এনআইএ-ই অভিযুক্তসকলৰ পৰা বৃহৎ পৰিমাণৰ আপত্তিজনক নথি-পত্ৰ, ইলেক্ট্ৰনিক সঁজুলি আৰু বহু ডিজিটেল ৰেকৰ্ড জব্দ কৰিছে, যিবোৰে তেওঁলোকৰ এই ভয়াৱহ ষড়যন্ত্ৰৰ কথা স্পষ্টকৈ প্ৰমাণ কৰে।

> NIA-ৰ মন্তব্য :
> "সংগঠনটোৱে উত্তৰ-পূৰ্বাঞ্চলত এক ডাঙৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল। বৰ্তমান গুৱাহাটীৰ বিশেষ আদালতত ১১ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছে। গোচৰ নং RC-01/2026/NIA/GUW-ৰ অধীনত এই সমগ্ৰ নেটৱৰ্কটো সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ এনআইএ-ৰ তদন্ত এতিয়াও অব্যাহত আছে।"

    এই ঘটনাই এতিয়া সমগ্ৰ অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা সংস্থাসমূহৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।