ভূটান আৰু উত্তৰ-পূবৰ মূৰৰ ওপৰত ওলমিছে ভয়ংকৰ বিপদ: নিমিষতে নিশেষ হ’ব পাৰে সমগ্ৰ জনজীৱন!
ভূটান আৰু উত্তৰ-পূবৰ মূৰৰ ওপৰত ওলমিছে ভয়ংকৰ বিপদ: নিমিষতে নিশেষ হ’ব পাৰে সমগ্ৰ জনজীৱন!
নেপালৰ বানৰ মহা প্ৰলয়ে লগত নমাই আনিছিল ক'লা ক'লা শিলাখণ্ড। কি এই শিলাখণ্ড বা শালগ্ৰাম?কিয় মানুহে তাৰ পূজা আৰম্ভ কৰিছে? তাৰো আছে এক ইতিহাস।
শালগ্ৰাম সাগৰৰ বুকুৰ পৰা আমাৰ হাতলৈ অহা প্ৰকৃতিৰ এক আধ্যাত্মিক উপহাৰ। এয়া কোনো এদিনৰ কথা নহয় আজিৰ পৰা কোটি কোটি বছৰৰ আগৰ কথা ।

য'ত আজি আছে আকাশ চুম্বী হিমালয়ৰ পৰ্বতমালা কিন্তু তাতেই এদিন আছিল এখন বিশাল সাগৰ টেথিছ সাগৰ সেই নীলা পানীৰ বুকুত সাঁতুৰিছিল অসংখ্য সামুদ্ৰিক
জীৱ। তাৰে মাজতে আছিল এটা প্ৰাচীন জীৱ যাৰ নাম Ammonite কিন্তু প্ৰকৃতিৰ বুকুত এদিন নিশ্চিহ্ন হৈ গ'ল ammonite. Ammoniteৰ জীৱনৰ পৰিসমাপ্তি ঘটিল।কিন্তু প্ৰকৃতিয়ে সিহঁতৰ অস্তিত্ব শেষ হ'বলৈ নিদিলে।সাগৰৰ তলিত পৰি ৰ'ল সিহঁতৰ খোলা। তাৰ ওপৰত জমা হ'ল বালি, বোকা আৰু মাটিৰ স্তৰ।
সময় পাৰ হ'ল শতিকা নহয়, সহশ্ৰাব্দ নহয়… কোটি কোটি বছৰ।তাৰ পাছত পৃথিৱীৰ বুকুত আৰম্ভ হ'ল এক বিশাল পৰিৱৰ্তন।ভাৰতীয় ভূখণ্ড কঢ়িয়াই নিয়া ইণ্ডিয়ান প্লেটে ধীৰে ধীৰে উত্তৰ দিশলৈ আগবাঢ়িল আৰু Eurasian Plate-ৰ সৈতে সংঘৰ্ষ হ'ল।
দুটা মহাশক্তিশালী ভূ-পাতৰ সেই সংঘৰ্ষত সাগৰৰ তলিৰ পলস আৰু শিলাস্তৰবোৰ কোঁচ খাই, ভাঁজ খাই, ওপৰলৈ উঠিবলৈ ধৰিলে ।আৰু সৃষ্টি হল বিশাল হিমালয়ৰ।টেথিছ সাগৰ হেৰাই গ'ল। কিন্তু তাৰ বুকুৰ স্মৃতি লৈ জন্ম ল'লে হিমালয়ে।কিন্তু কাহিনী ইয়াতেই শেষ নহ'ল। হিমালয়ৰ বুকুত সেই প্ৰাচীন সাগৰৰ স্মৃতি শিলৰ
মাজত বন্দী হৈ থাকিল।এই বিলুপ্ত জীৱবোৰৰ অৱশেষ বালি-মাটিৰ সৈতে স্তৰে স্তৰে মিলি শিলত পৰিণত হ’ল—যাক আজি আমি জীৱাশ্ম (Fossil) বুলি কওঁ।
বৰষুণ আহিল,বতাহ বলিল,পৰ্বতৰ বুকু ক্ষয় হ'ল।আৰু নদীবোৰে সেই শিলবোৰ কঢ়িয়াই নিবলৈ ধৰিলে।
নেপালৰ কালীগণ্ডকী নদীৰ সোঁতে সোঁতে এই জীৱাশ্ম শিল অৰ্থাৎ fossil-bearing শিলবোৰ নামি আহিল।হাজাৰ হাজাৰ বছৰ পানীৰ সোঁতে ঘঁহি, ঘূৰাই, মিহি
কৰি কেতিয়াবা ক'লা, গোলাকাৰ, অদ্ভুত চিহ্নযুক্ত ৰূপ দিলে খোলাবোৰক। আজি আমি যিবোৰক শালগ্ৰাম শিলা বুলি জানো বা দেখিছোঁ সেইবোৰ আচলতে জীৱাশ্ম সমৃদ্ধ শিল । এটা শালগ্ৰাম হাতত তুলি চালে হয়তো আমি কেৱল এটা ক'লা শিলহে দেখোঁ।
কিন্তু তাৰ ভিতৰত লুকাই আছে—এখন প্ৰাচীন সাগৰৰ কাহিনী,এটা বিলুপ্ত জীৱৰ স্মৃতি, পৃথিৱীৰ প্লেটৰ সংঘৰ্ষ, হিমালয়ৰ জন্ম, নদীৰ হাজাৰ বছৰৰ যাত্ৰা আৰু প্ৰকৃতিৰ অসীম ধৈৰ্য।
শালগ্ৰাম যেন কেৱল এটা পাথৰ নহয়। ই যেন সাগৰে পৰ্বতক দি যোৱা এটা স্মৃতি।পৰ্বতে নদীক দি যোৱা এটা উপহাৰ।আৰু নদীয়ে মানুহৰ হাতত তুলি দিয়া পৃথিৱীৰ কোটি কোটি বছৰৰ এটা সৰু টুকুৰা আধ্যাত্মিক বিশ্বাসত যাক মানুহে পবিত্ৰ বুলি মানে,ভূগোলে তাক পঢ়ে পৃথিৱীৰ অতীতৰ এক আশ্চৰ্য দলিল হিচাপে।
হিন্দু ধৰ্মত প্ৰকৃতিক পূজা কৰা হয়। শালগ্ৰাম প্ৰকৃতিৰ অংশ।সেইবাবেই বছৰ বছৰ ধৰি শালগ্ৰামকো পূজা কৰি আহিছে হিন্দু সকলে। এটা সৰু শালগ্ৰামৰ ভিতৰত সমগ্ৰ পৃথিৱীৰ এটা দীঘল কাহিনী শুই আছে। এয়া কেৱল শিল নহয়, এয়া প্ৰকৃতিয়ে সময়ৰ বুকুৰ পৰা আমাক দি যোৱা কোটি কোটি বছৰৰ এক পবিত্ৰ উপহাৰ।
ভূটান আৰু উত্তৰ-পূবৰ মূৰৰ ওপৰত ওলমিছে ভয়ংকৰ বিপদ: নিমিষতে নিশেষ হ’ব পাৰে সমগ্ৰ জনজীৱন!
প্রকৃতিৰ ৰুদ্ৰৰূপ! নেপালত ভয়াৱহ জলপ্ৰলয়, তছনছ জনজীৱন!
প্ৰেমিকাক ১.৫ লাখ টকীয়া আইফোন উপহাৰ দিবলৈ নিজৰ ঘৰতেই ৫০ লাখ টকা চুৰি! আটক যোৰহাটৰ 'লেডিলাভ' প্ৰেমিক যশ আগৰৱালা